শিজুওকা, ৮ নৱেম্বৰ: মধ্য জাপানত দেওবাৰে পুৱতি নিশা ৫.৭ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হৈ ২২ৰো অধিক লোক আহত হৈছে। ভূমিকম্পটোত কেইবাটাও দোকানৰ খিৰিকীৰ কাঁচ ভাঙি যোৱাৰ লগতে বিভিন্ন স্থানত অট্টালিকাৰ ক্ষতি হৈছে।

স্থানীয় সময় অনুসৰি পুৱা ১ বাজি ৪ মিনিটত সংঘটিত ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল শিজুওকা প্ৰিফেকচাৰৰ পশ্চিম অংশ। জাপানৰ বতৰ বিজ্ঞান সংস্থাৰ তথ্য অনুসৰি, ভূমিকম্পটোৰ গভীৰতা আছিল প্ৰায় ৪১ কিলোমিটাৰ।

আইচি প্ৰিফেকচাৰৰ চিতা চহৰত সৰ্বাধিক তীব্ৰ কম্পন অনুভূত হয়। জাপানৰ ভূমিকম্পীয় তীব্ৰতা মাপকাঠীত তাত ৫ শক্তিশালী স্তৰৰ কম্পন নথিভুক্ত কৰা হয়। শিজুওকা, গিফু, নাগানো আৰু য়ামানাছি প্ৰিফেকচাৰতো কম্পন অনুভূত হয়।

আতংকত ঘৰ আৰু অট্টালিকাৰ পৰা ওলাই অহাৰ চেষ্টা কৰোঁতে একাংশ লোক আহত হয়। চিৰিৰে নামি আহোঁতে কেইবাজনো লোক পৰি আঘাত পায়। শিজুওকাত কেইবাগৰাকীও মহিলাই চিকিৎসাৰ বাবে সহায় বিচাৰে আৰু এগৰাকী ৯০ বছৰীয়া মহিলা বিচনাৰ পৰা পৰি কান্ধত আঘাত পায়। এতিয়ালৈকে কোনো লোকৰ মৃত্যুৰ খবৰ পোৱা হোৱা নাই।

আইচি প্ৰিফেকচাৰৰ টয়োটা চহৰৰ এখন কিতাপৰ দোকানত আলমাৰীৰ পৰা বহু কিতাপ তললৈ পৰি যায়। টয়োহাশিৰ এখন গাড়ী বিক্ৰীৰ প্ৰতিষ্ঠানৰ খিৰিকীৰ কাঁচ ভাঙি যায়। হামামাটছুত এটা পৰিত্যক্ত ঘৰৰ চালৰ টাইলছ কাষৰ ঘৰৰ চৌহদত পৰে আৰু এটা সৰু ঘৰৰ দেৱাল খহি পৰে।

ভূমিকম্পৰ পাছত যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বুলেট ট্ৰেইনসহ কেইবাটাও ৰে'ল সেৱাৰ গতি হ্ৰাস কৰা হয়। ৰে'লপথৰ সুৰক্ষা পৰীক্ষাৰ বাবে পুৱাৰ ভাগত কিছু ৰে'ল সেৱাত পলম হয়।

জাপানৰ বতৰ বিজ্ঞান সংস্থাই কোনো সুনামি সতৰ্কবাণী জাৰি কৰা নাই। অৱশ্যে পৰৱৰ্তী এসপ্তাহলৈ সাৱধানতা অৱলম্বন কৰিবলৈ সংস্থাটোৱে পৰামৰ্শ দিছে। বিশেষকৈ আগন্তুক দুই-তিনি দিনত পুনৰ শক্তিশালী কম্পন, ভূমিস্খলন, শিল খহি পৰা আৰু বৰষুণৰ ফলত সৃষ্টি হ'ব পৰা বিপদৰ আশংকা থাকিব পাৰে বুলি সতৰ্ক কৰি দিয়া হৈছে।

ইফালে, দেওবাৰে পুৱাৰ ভাগতে দক্ষিণ-পশ্চিম জাপানৰ কুমামোতো অঞ্চলতো ৪.৩ প্ৰাবল্যৰ আন এটা ভূমিকম্প অনুভূত হয়। এই কম্পনত তাৎক্ষণিকভাৱে কোনো গুৰুতৰ ক্ষয়-ক্ষতি বা আহতৰ খবৰ পোৱা হোৱা নাই।