আছুনছিয়ন, ৬ নৱেম্বৰ: ডিজিটেল বেংক ইউএনঅ' বেংকৰ আৰ্থিক বিপৰ্যয়ক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ৰাজনৈতিক সংকটৰ মাজতে পাৰাগুৱেৰ ৰাষ্ট্ৰপতি ছাণ্টিয়াগো পেনাক মহাভিযোগ প্ৰক্ৰিয়াৰে পদচ্যুত কৰা হৈছে। শুকুৰবাৰে দেশখনৰ সংসদৰ উচ্চ সদনত উপস্থিত ৪৪ গৰাকী সাংসদেই তেওঁৰ অপসাৰণৰ সপক্ষে ভোট দিয়ে।

মহাভিযোগত অপসাৰণৰ কেইমিনিটমানৰ পাছতে তদন্তকাৰী কৰ্তৃপক্ষই পেনাক গৃহ-আটক কৰাৰ নিৰ্দেশ দিয়ে। আছুনছিয়নত থকা নিজা বাসগৃহতে তেওঁক আটক কৰি ৰখা হৈছে। অৰ্থনৈতিক অপৰাধ আৰু দুৰ্নীতি-বিৰোধী বিভাগত চৰকাৰী অভিয়োজকৰ সন্মুখত হাজিৰ নোহোৱালৈকে তেওঁ গৃহ-আটকত থাকিব লাগিব।

সংসদৰ অধ্যক্ষ বাছিলিঅ' নুনেছে কৰ্তব্য পালনত ব্যৰ্থতাৰ বাবে পেনাক দোষী ঘোষণা কৰে। তেওঁৰ বিৰুদ্ধে বিশ্বাসভংগ, প্ৰভাৱ বিস্তাৰ কৰি সুবিধা আদায় আৰু চৰকাৰী পদৰ অপব্যৱহাৰৰ অভিযোগৰ তদন্ত চলি আছে। পেনাই অৱশ্যে সকলো অভিযোগ অস্বীকাৰ কৰি কোনো অনিয়মত জড়িত নাছিল বুলি দাবী কৰিছে।

দেশখনৰ কেন্দ্ৰীয় বেংকে ৩ নৱেম্বৰত ইউএনঅ' বেংকৰ বিৰুদ্ধে বিশেষ নিয়ন্ত্ৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। বেংকটোৱে ন্যূনতম আৰ্থিক সক্ষমতাৰ চৰ্ত পূৰণ কৰিব নোৱাৰাৰ পাছতে এই পদক্ষেপ লোৱা হয়। ইয়াৰ পাছতে বেংকটোৰ শাখাসমূহ বন্ধ হৈ পৰে আৰু গ্ৰাহকসকলে জমা ধন উলিওৱা, কাৰ্ডেৰে লেনদেন কৰা তথা ডিজিটেল পেমেণ্টত সমস্যাৰ সন্মুখীন হয়।

বেংকটোৰ প্ৰায় ২৯.৪ লাখ গ্ৰাহকৰ একাউণ্ট আছিল। এই সংকটত পাৰাগুৱেৰ সামাজিক সুৰক্ষা প্ৰতিষ্ঠানৰ প্ৰায় ৩২ হাজাৰ পেঞ্চনাৰো প্ৰভাৱিত হৈছে। সংসদৰ সদস্যসকলে পেনাৰ বেংকটোৰ মূল প্ৰতিষ্ঠানৰ সৈতে পূৰ্বৰ ব্যৱসায়িক অংশীদাৰিত্ব আছিল বুলি অভিযোগ উত্থাপন কৰাৰ লগতে ৰাজনৈতিক প্ৰভাৱ ব্যৱহাৰ কৰি বেংকটোলৈ চৰকাৰী পুঁজি প্ৰেৰণ কৰা হৈছিল বুলিও দাবী কৰিছে।

পেনাক অপসাৰণৰ পাছতে উপ-ৰাষ্ট্ৰপতি পেড্ৰো আলিয়ানাই নতুন ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। তেওঁ ২০২৮ চনৰ আগষ্টলৈকে পেনাৰ অৱশিষ্ট কাৰ্যকালৰ দায়িত্ব পালন কৰিব।

বেংকটোৰ আৰ্থিক বিপৰ্যয়ত ক্ষতিগ্ৰস্ত গ্ৰাহকসকলক সম্পূৰ্ণ ক্ষতিপূৰণ দিয়া হ'ব আৰু কোনো আমানতকাৰীক অসহায় অৱস্থাত এৰি দিয়া নহ'ব বুলি আলিয়ানাই ঘোষণা কৰে।

ইফালে, বেংকটোৰ পতনৰ পাছৰে পৰা দেশখনৰ বিভিন্ন স্থানত গ্ৰাহক, পেঞ্চনাৰ আৰু বিভিন্ন সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে। বেংকটোৰ সৈতে জড়িত ২৭ গৰাকী বিষয়া আৰু ব্যক্তিৰ বিৰুদ্ধে বিভিন্ন অপৰাধৰ অভিযোগত গোচৰো ৰুজু কৰা হৈছে।