গুৱাহাটীৰ খানাপাৰাত জীনা বৈশ্যৰ মৃতদেহ উদ্ধাৰৰ ঘটনাৰ তদন্তত গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছে আৰক্ষীয়ে। হত্যাকাণ্ডৰ মূল অভিযুক্ত বুলি সন্দেহ কৰা প্ৰদীপ টাইয়েক গ্ৰেপ্তাৰ কৰিছে বশিষ্ঠ আৰক্ষীয়ে। গোচৰ ৰুজু হোৱাৰ মাত্ৰ ১৮ ঘণ্টাৰ ভিতৰতে অভিযুক্তক গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ পাইছে।

আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশিত তথ্য অনুসৰি, ধেমাজিৰ বাসিন্দা প্ৰদীপ টাইয়ে খানাপাৰা অঞ্চলত গাড়ীচালক হিচাপে কাম কৰিছিল। তেওঁ জীনা বৈশ্যৰ সৈতে একেটা আৱাসিক চৌহদতে ভাড়াতীয়া হিচাপেও বাস কৰিছিল বুলি জানিব পৰা গৈছে।

প্ৰাৰম্ভিক তদন্তত দুয়োৰে মাজত প্ৰায় ১০ বছৰ ধৰি সম্পৰ্ক থকা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। এই সম্পৰ্কক কেন্দ্ৰ কৰি দুয়োটা পৰিয়ালৰ মাজত সঘনাই সংঘাতৰ সৃষ্টি হৈছিল বুলিও তদন্তকাৰী সূত্ৰৰ দাবী।

আৰক্ষীৰ অভিযোগ অনুসৰি, ঘটনাৰ দিনা প্ৰদীপ টাইয়ে নিজৰ মেজিক বাহনত জীনা বৈশ্যক বিভিন্ন স্থানলৈ লৈ গৈছিল। সেই সময়তে বেলতলাৰ পৰা এখন নতুন দা ক্ৰয় কৰি বাহনখনত লুকুৱাই ৰাখিছিল বুলি তদন্তত পোহৰলৈ অহাৰ কথা প্ৰকাশ পাইছে।

পিছত নিশা প্ৰায় ৮ বজাত খানাপাৰাৰ গণেশ মন্দিৰৰ সমীপৰ এটা নিৰ্জন স্থানলৈ তেওঁ জীনাক লৈ যায় বুলি আৰক্ষীৰ সন্দেহ। তাত বাহনখনৰ ভিতৰতে দাৰে আক্ৰমণ কৰি হত্যা কৰাৰ পিছত মৃতদেহটো বস্তাত ভৰাই এটা দ' খাৱৈত পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে, যোৱা ৭ নৱেম্বৰত খানাপাৰাৰ গণেশ মন্দিৰৰ সমীপৰ এটা খাৱৈৰ পৰা বস্তাৰ ভিতৰত জীনা বৈশ্যৰ মৃতদেহ উদ্ধাৰ হৈছিল। প্ৰায় ১২ দিন ধৰি সন্ধানহীন হৈ থকা মহিলাগৰাকীক পৰিয়ালৰ লোকে চিনাক্ত কৰিছিল।

আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা দাখন আৰু মৃতদেহ কঢ়িয়াই নিয়া মেজিক বাহনখন জব্দ কৰিছে। ঘটনাৰ সৈতে জড়িত আন তথ্য আৰু সম্ভাব্য সহযোগীৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।