মন্দিয়া, ৯ নৱেম্বৰ, ২০২৬:
পৰীক্ষাৰ সময়ত নিশা ১২ বজালৈকে নাচ-গান কৰি থকাৰ প্ৰয়োজন কি? মন্দিয়াবাসীক উদ্দেশ্যি এই প্ৰশ্ন উত্থাপন কৰি লাউডস্পীকাৰ ব্যৱহাৰ সন্দৰ্ভত মন্তব্য কৰিছে বিধায়ক শ্বেৰমান আলী আহমেদে।
‘ৰাজনৈতিক নেতাক মাতি নাচ-গান কৰিলে কান্দিব লাগিবই, অত্যাচাৰ কৰিবই’
বিধায়কগৰাকীয়ে ঘোষণা কৰিছে যে ১ ডিচেম্বৰৰ পৰা বিয়লি ৫ বজাৰ পাছত লাউডস্পীকাৰ ব্যৱহাৰ নিষিদ্ধ কৰা হ’ব। তেওঁৰ মন্তব্য, ‘মিঞা বুলি ক'লে কান্দে, পৰীক্ষাৰ সময়ত নিশা ১২ বজালৈকে নাচ-গান কৰি থকাৰ কি দৰকাৰ? নাচ-গান এৰি পঢ়া-শুনা কৰক মিঞাই।’
মন্দিয়াবাসীক উদ্দেশ্যি দিয়া এই বক্তব্যত পৰীক্ষাৰ সময়ত নিশা দেৰিলৈকে চলা নাচ-গান আৰু লাউডস্পীকাৰৰ ব্যৱহাৰক লৈ অসন্তুষ্টি প্ৰকাশ কৰে বিধায়কগৰাকীয়ে।
গান নবজোৱাকৈ যি ক'ৰে কৰক, কিন্তু বিয়লি ৫ বজাৰ পাছত লাউডস্পীকাৰ নহ'ব । ১ ডিচেম্বৰৰ পৰা বিয়লি ৫ বজাৰ পাছত লাউডস্পীকাৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ কথা উল্লেখ কৰে। তেওঁ কয়, ‘মিঞা বুলি ক’লে কান্দে। পৰীক্ষাৰ সময়ত নিশা ১২ বজালৈকে নাচ-গান কৰি থকাৰ কি দৰকাৰ? নাচ-গান এৰি পঢ়া-শুনা কৰক মিঞাই।’
অৱশ্যে ১ ডিচেম্বৰৰ পৰা লাউডস্পীকাৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ ক্ষেত্ৰত কোনো চৰকাৰী নিৰ্দেশনা জাৰি হৈছে নে নাই, সেয়া উপলব্ধ তথ্যত স্পষ্ট হোৱা নাই।