নতুন দিল্লী, ১১ নৱেম্বৰ: লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অহা সপ্তাহত আমেৰিকা ভ্ৰমণ কৰি দুখন আগশাৰীৰ বিশ্ববিদ্যালয়ত বিশেষ আলোচনাত অংশগ্ৰহণ কৰিব।
ইণ্ডিয়ান অভাৰছিজ কংগ্ৰেছৰ অধ্যক্ষ ছেম পিট্ৰ'ডাই বুধবাৰে জনোৱা মতে, ১৭ নৱেম্বৰত নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ত বিশ্বজুৰি ছাত্ৰ আন্দোলনৰ উত্থান আৰু ইয়াৰ প্ৰভাৱ সন্দৰ্ভত মত বিনিময় কৰিব ৰাহুল গান্ধীয়ে। ১৮ নৱেম্বৰত তেওঁ চিকাগো বিশ্ববিদ্যালয়ত ভূ-ৰাজনীতি আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ক লৈ আলোচনাত অংশ ল'ব।
পিট্ৰ'ডাই কয় যে, দুয়োখন বিশ্ববিদ্যালয়ৰ অনুষ্ঠান পূৰ্বৰে পৰা পৰিকল্পনা কৰা হৈছিল। কলম্বিয়া বিশ্ববিদ্যালয়ৰ আলোচনাত বিশ্বজুৰি ছাত্ৰ আন্দোলনৰ বৃদ্ধি, গণতন্ত্ৰৰ ওপৰত ইয়াৰ প্ৰভাৱ আৰু শিক্ষাৰ্থীসকলে উত্থাপন কৰা দাবীসমূহৰ বিষয়ে আলোচনা হ'ব।
শিক্ষা, নিয়োগ, অৰ্থনীতি আৰু পৰিৱেশ সম্পৰ্কীয় বিষয়সমূহো আলোচনাত স্থান পাব বুলি তেওঁ জনায়। বিশ্ববিদ্যালয়ৰ জৰিয়তে অনুষ্ঠানটো সম্প্ৰচাৰ কৰা হ'ব বুলিও পিট্ৰ'ডাই উল্লেখ কৰে।
চিকাগো বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞানৰ অধ্যাপক ৰবাৰ্ট পেপৰ সৈতে আলোচনাত অংশ ল'ব ৰাহুল গান্ধীয়ে। আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি, ভূ-ৰাজনীতি, মধ্যপ্ৰাচ্যৰ পৰিস্থিতি আৰু ইৰান যুদ্ধৰ দৰে বিষয়সমূহে এই আলোচনাত গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে।
বিদেশত কোনো বিষয়ৰ ওপৰত আলোচনা কৰিলেই এখন দেশক অপমান কৰা নহয়। বৰ্তমানৰ বিশ্বত কোনো বিষয়কে কেৱল স্থানীয় বুলি সীমাবদ্ধ কৰি ৰাখিব নোৱাৰি বুলি ছেম পিট্ৰ'ডাই কয়।
ভাৰতৰ আভ্যন্তৰীণ বিষয় বিদেশত উত্থাপন কৰাৰ বাবে বিজেপিয়ে ৰাহুল গান্ধীক সমালোচনা কৰি অহা প্ৰসংগত পিট্ৰ'ডাই এই সমালোচনাক ভিত্তিহীন বুলি অভিহিত কৰে। ভাৰতত আৰু বিদেশত ৰাজনৈতিক নেতাসকলে একে তথ্য আৰু বক্তব্যৰে নিজৰ মত প্ৰকাশ কৰিব লাগে বুলিও তেওঁ কয়।