জাগীৰোডঃ জাগীৰোডত কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰে গণধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে তিৱা জনগোষ্ঠীৰ বিভিন্ন সংগঠনে। সদৌ তিৱা ছাত্ৰ সন্থা, সদৌ তিৱা মহিলা সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ আৰু তিৱা সাংস্কৃতিক সমাজাৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়।

জাগীৰোডক টাউন কমিটিলৈ উন্নীত কৰাৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে। লগতে জনজাতীয় বেল্টৰ পৰা অবৈধ বেদখলকাৰীক উচ্ছেদ কৰাৰ দাবীও উত্থাপন কৰে তেওঁলোকে।

পশ্চিম কাৰ্বি আংলঙৰ থাৰাখুঞ্জি গাঁৱত নিৰ্মাণ কৰিবলৈ লোৱা পাম্প ষ্ট’ৰেজ প্ৰকল্পৰ কাম বন্ধ কৰাৰ দাবী জনায় সংগঠনকেইটাই।

ইয়াৰ উপৰি কাৰ্বি আংলঙত বসবাস কৰা তিৱাসকলক সামৰি এখন আঞ্চলিক পৰিষদ গঠনৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।

তিৱা স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি পুনৰ নিৰ্ধাৰণ, শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত আৰু অতি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীও উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।

অতি শীঘ্ৰে দাবীসমূহৰ সমাধান কৰা নহ’লে আগন্তুক দিনত অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি সংগঠনকেইটাই হুংকাৰ দিয়ে।