গুৱাহাটী, ১২ নৱেম্বৰ, ২০২৬:
‘Z for Zubeen Garg’—সামাজিক মাধ্যমত ভাইৰেল হোৱা এখন বৰ্ণমালাৰ কিতাপৰ পৃষ্ঠাক লৈ চৰ্চা আৰম্ভ হৈছে। ভাৰতীয় সংগীত জগতৰ কেইবাগৰাকীও শিল্পীৰ নামৰ সৈতে ইংৰাজী বৰ্ণমালা শিকোৱাৰ এই পৃষ্ঠাত ‘Z’ আখৰৰ বিপৰীতে সন্নিৱিষ্ট কৰা হৈছে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম আৰু আলোকচিত্ৰ।
কিতাপখনৰ পৃষ্ঠাত ‘K’ আখৰৰ সৈতে কিশোৰ কুমাৰ, ‘L’ আখৰৰ সৈতে লতা মংগেশকাৰ আৰু ‘R’ আখৰৰ সৈতে আৰ ডি বৰ্মনৰ নামো দেখা গৈছে। তেওঁৰ অবৰ্তমানত বিশ্ববাসীয়ে বুজিছে তেওঁৰ বিশাল সত্বাৰ পৰিসৰ। কায়িকভাৱে তেওঁ আজি আমাৰ মাজত নাথাকিলেও তেওঁৰ আদৰ্শ- তেওঁৰ দৰ্শন ৰৈ-বৈ গৈছে দেশ- দেশান্তৰলৈ। অসমেই নহয়, ঈশ্বৰপুত্ৰৰ জীৱন- দৰ্শন সম্পৰ্কে এতিয়াৰে পৰা জানিব পাৰিব উত্তৰ- প্ৰদেশৰ ছাত্ৰ- ছাত্ৰীয়েও। কিয়নো উত্তৰ প্ৰদেশৰ চতুৰ্থ শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভক্ত কৰা হৈছে জুবিন গাৰ্গৰ বিষয়ে। ৰাজ্যখনৰ শিক্ষা বিভাগৰ অন্তৰ্গত চৰকাৰী বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ পাঠ্যক্ৰমত জুবিন গাৰ্গৰ বিষয়ে অন্তৰ্ভুক্ত কৰা হোৱা নাই।কিছুমান বাতৰি আৰু ছ'চিয়েল মিডিয়া পোষ্টত ইয়াক উত্তৰ প্ৰদেশৰ চৰকাৰী বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ পাঠ্যপুথি বুলি দাবী কৰা হৈছিল। তথ্য অনুসৰি উত্তৰ প্ৰদেশৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ পাঠ্যক্ৰমত চতুৰ্থ শ্ৰেণীত এনে বৰ্ণমালাৰ চাৰ্ট পঢ়োৱা নহয়; বৰঞ্চ ব্যক্তিগত খণ্ডৰ প্ৰাথমিক বিদ্যালয়ত ব্যৱহৃত সহায়ক কিতাপতহে এনেধৰণৰ বিশিষ্ট ব্যক্তিৰ নাম ব্যৱহাৰ কৰা হয়।
প্ৰথম অৱস্থাত সামাজিক মাধ্যমৰ একাংশ পোষ্টত এই খবৰ উত্তৰ প্ৰদেশৰ চৰকাৰী বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ পাঠ্যক্ৰমত জুবিন গাৰ্গৰ নাম অন্তৰ্ভুক্ত কৰা বুলি প্ৰচাৰ হৈছিল। কিন্তু উপলব্ধ তথ্য অনুসৰি, ভাইৰেল পৃষ্ঠাখন উত্তৰ প্ৰদেশ চৰকাৰৰ SCERTৰ আনুষ্ঠানিক পাঠ্যক্ৰমৰ অংশ নহয়; ই এখন ব্যক্তিগত প্ৰকাশকৰ বৰ্ণমালাৰ কিতাপৰ পৃষ্ঠা।
ইফালে, অসমতো জুবিন গাৰ্গৰ জীৱন আৰু কৰ্মৰাজি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ একাডেমিক তথ্য অনুসৰি, ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা একাদশ শ্ৰেণীৰ MIL পাঠ্যক্ৰমত ‘Zubeen Garg: A Legend’ শীৰ্ষক এটি অধ্যায় অন্তৰ্ভুক্ত কৰা হৈছে।
জুবিন গাৰ্গৰ সংগীত আৰু অৱদানৰ পৰিসৰ যে অসমৰ সীমা অতিক্ৰম কৰিছে, ভাইৰেল হোৱা এই পৃষ্ঠাখনক লৈ অনুৰাগীসকলৰ চৰ্চাই পুনৰ সেই কথাকে উন্মোচন কৰিছে।
উল্লেখযোগ্য যে, শেহতীয়াকৈ সামাজিক মাধ্যমত বিয়পি পৰিছে এখন বিশেষ পোষ্টাৰ। এই পোষ্টাৰখনত ইংৰাজী বৰ্ণমালাৰ আখৰবোৰৰ সৈতে যুক্ত কৰা হৈছে প্ৰথম অক্ষৰৰ শিল্পীসকলৰ নাম। যেনে- কে ফৰ কিশোৰ কুমাৰ, এল ফৰ লতা মংগেশকাৰ, আৰ ফৰ আৰ ডি বৰ্মন আদি। একেদৰে জেড ফৰত লিখা আছে জুবিন গাৰ্গ।
স্বাভাৱিকতে উত্তৰ প্ৰদেশৰ শিক্ষা বিভাগৰ পাঠ্যক্ৰমত প্ৰাণৰ শিল্পীগৰাকীৰ কথা এনেদৰে লিখাত আনন্দিত হোৱাৰ লগতে আৱেগিক হৈছে তেওঁৰ গুণমুগ্ধসকল।উত্তৰ প্ৰদেশৰ এখন ব্যক্তিগত বিদ্যালয়ৰ ইংৰাজী পাঠ্যপুথিত "Z for Zubeen Garg" হিচাপে জুবিন গাৰ্গৰ নাম সন্নিৱিষ্ট হোৱাৰ খবৰ শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে।