ডেৰাডুন, ১২ নৱেম্বৰ: অসমৰ জেনী নামৰ এগৰাকী মহিলাই উত্থাপন কৰা পুৰণি যৌন নিৰ্যাতনৰ অভিযোগক বিজেপিয়ে ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে বুলি অভিযোগ কৰিছে উত্তৰাখণ্ডৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা হৰক সিং ৰাৱটে। অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডত ন্যায়ৰ দাবীৰ পৰা জনতাৰ দৃষ্টি আঁতৰোৱাৰ বাবেই এই চেষ্টা চলিছে বুলি তেওঁ কয়।
বুধবাৰে সামাজিক মাধ্যমত প্ৰকাশ কৰা এক পোষ্টত ৰাৱটে কয় যে, অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ সৈতে জড়িত বুলি অভিযোগ উঠা ‘ভিআইপি’ ব্যক্তিগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত কংগ্ৰেছে সংগ্ৰাম অব্যাহত ৰাখিব। এই সময়তে তেওঁৰ বিৰুদ্ধে পুৰণি অভিযোগ পুনৰ উত্থাপন কৰি বিজেপিয়ে ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি তেওঁ দাবী কৰে।
প্ৰায় ২৩ বছৰ পুৰণি এই ঘটনাক কেন্দ্ৰ কৰি পুনৰ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে। অসমৰ বাসিন্দা জেনীয়ে অভিযোগ কৰিছে যে, ২০০২ চনত তেওঁৰ বয়স ১৬ বছৰ থকাৰ সময়ত চাকৰি দিয়াৰ প্ৰলোভনেৰে কেইজনমান লোকে তেওঁক ডেৰাডুনত থকা ৰাৱটৰ বাসগৃহলৈ লৈ গৈছিল। তাত তেওঁ যৌন নিৰ্যাতনৰ সন্মুখীন হৈছিল বুলি জেনীৰ অভিযোগ।
পৰৱৰ্তী সময়ত তেওঁ এটি সন্তান জন্ম দিছিল আৰু শিশুটিৰ পিতৃ ৰাৱট বুলি দাবী কৰিছিল। জেনীয়ে শেহতীয়াকৈ ঘটনাটোৰ পুনৰ তদন্ত আৰু নতুনকৈ ডিএনএ পৰীক্ষাৰ দাবী জনাইছে। পূৰ্বৰ তদন্তত তেওঁ ন্যায় লাভ কৰা নাছিল বুলিও তেওঁ দাবী কৰিছে।
অৱশ্যে, ৰাৱটে এই অভিযোগ অস্বীকাৰ কৰিছে। ২০০৩ চনত বিজেপি শাসনৰ সময়ত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই ঘটনাটোৰ তদন্ত কৰিছিল বুলি তেওঁ জনায়। সেই তদন্তত জেনীয়ে কেইবাবাৰো ভুল তথ্য দিছিল বুলি উল্লেখ কৰা হৈছিল আৰু ডিএনএ পৰীক্ষাও সম্পন্ন হৈছিল বুলি ৰাৱটে দাবী কৰে।
পূৰ্বৰ চিবিআই তদন্তক লৈ প্ৰশ্ন তোলাৰ অৰ্থ সেই সময়ৰ বিজেপি চৰকাৰ আৰু তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালৰ তদন্ত প্ৰক্ৰিয়াকো প্ৰশ্ন কৰা।
অহা বছৰ অনুষ্ঠিত হ'বলগীয়া উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে বিষয়টো পুনৰ উত্থাপন কৰি কংগ্ৰেছক ৰাজনৈতিকভাৱে চাপত পেলাব বিচাৰিছে বুলিও ৰাৱটে অভিযোগ কৰে।
ইফালে, ২০২২ চনৰ ১৮ ছেপ্টেম্বৰত ঋষিকেশৰ এখন ৰিজ’ৰ্টত ৰিচেপচনিষ্ট হিচাপে কৰ্মৰত অংকিতা ভাণ্ডাৰীৰ মৃতদেহ উদ্ধাৰ হৈছিল। এই হত্যাকাণ্ডত ৰিজ’ৰ্টৰ মালিক পুলকিত আৰ্য আৰু তেওঁৰ দুজন সহযোগীক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে। হত্যাকাণ্ডৰ সৈতে এজন অজ্ঞাত ‘ভিআইপি’ৰ সম্পৰ্ক থকাৰ অভিযোগক লৈ অংকিতাৰ পৰিয়ালে পৃথক তদন্তৰ দাবী জনাই আহিছে।