নতুন দিল্লী, ১২ নৱেম্বৰ: লোকসভা আৰু ৰাজ্য বিধানসভাসমূহত মহিলাৰ বাবে সংৰক্ষণ কাৰ্যকৰী কৰাৰ পথ প্ৰশস্ত কৰিবলৈ সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰাৰ কথা বিবেচনা কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই অধিৱেশনত মহিলাৰ সংৰক্ষণ-সম্পৰ্কীয় সংবিধান সংশোধনী বিধেয়ক গৃহীত কৰাৰ লক্ষ্য লোৱা হৈছে বুলি জানিব পৰা গৈছে।

বিধেয়কখন গৃহীত কৰাৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতাতকৈ ১৫ৰ পৰা ১৮টা ভোট অধিক লাভ কৰিব পাৰিব বুলি কেন্দ্ৰীয় চৰকাৰ আত্মবিশ্বাসী। অৱশ্যে বিশেষ অধিৱেশনৰ তাৰিখ, বিধেয়কখনৰ নিৰ্দিষ্ট প্ৰস্তাৱ আৰু সংসদীয় কাৰ্যসূচী সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।

২০২৩ চনত সংসদে গৃহীত ১০৬ সংখ্যক সংবিধান সংশোধনী আইনৰ জৰিয়তে লোকসভা আৰু ৰাজ্য বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু এই সংৰক্ষণ কাৰ্যকৰী হোৱাটো জনগণনা আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সৈতে সংযুক্ত হৈ আছে।

ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ১৭ এপ্ৰিলত মহিলাৰ সংৰক্ষণ কাৰ্যকৰী কৰাৰ সৈতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো সংযুক্ত কৰি অনা এখন সংবিধান সংশোধনী বিধেয়ক লোকসভাত প্ৰয়োজনীয় দুই-তৃতীয়াংশ সমৰ্থন লাভ কৰাত ব্যৰ্থ হৈছিল। ফলত বিধেয়কখন গৃহীত কৰিব পৰা নগ’ল।

সংবিধান সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ সংসদৰ দুয়োখন সদনতে বিশেষ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন। সেয়েহে প্ৰয়োজনীয় সমৰ্থন নিশ্চিত কৰাৰ লক্ষ্যৰে চৰকাৰে বিভিন্ন ৰাজনৈতিক দলৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

মহিলাৰ ৰাজনৈতিক প্ৰতিনিধিত্ব বৃদ্ধি কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণৰ প্ৰস্তুতি চলোৱা হৈছে। অৱশ্যে প্ৰস্তাৱিত সংশোধনী বিধেয়কত কি কি পৰিৱৰ্তন থাকিব, সংৰক্ষণ কেতিয়াৰ পৰা কাৰ্যকৰী হ’ব আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ সৈতে ইয়াৰ সম্পৰ্ক কেনেদৰে নিৰ্ধাৰণ কৰা হ’ব, সেই সন্দৰ্ভত চৰকাৰৰ আনুষ্ঠানিক ঘোষণাৰ অপেক্ষা কৰা হৈছে।