নতুন দিল্লী, ১৩ নৱেম্বৰ: শিশুসকলৰ ছ’চিয়েল মিডিয়া আৰু অনলাইন গেমিং প্লেটফৰ্মৰ ব্যৱহাৰ অধিক সুৰক্ষিত কৰাৰ লক্ষ্যৰে নতুন নিৰ্দেশনা প্ৰস্তুতৰ কাম প্ৰায় সম্পূৰ্ণ কৰিছে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে (NCPCR)। ২০২৭ চনৰ প্ৰথমাৰ্ধত এই নিৰ্দেশনা চূড়ান্তভাৱে প্ৰকাশ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আয়োগে।

বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়া আৰু অনলাইন গেমিং কোম্পানীসমূহৰ সৈতে আয়োগে অন্তিমখন অংশীদাৰ বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে শিশুৰ সুৰক্ষাৰ বাবে তেওঁলোকৰ বৰ্তমানৰ ব্যৱস্থা, সজাগতা কাৰ্যসূচী আৰু ভৱিষ্যতে গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ বিষয়ে উপস্থাপন কৰে।

আয়োগৰ এগৰাকী বিষয়াই জনোৱা অনুসৰি, প্ৰস্তাৱিত নিৰ্দেশনাৰ খচৰা ডিচেম্বৰ মাহত ৰাজহুৱা মতামতৰ বাবে প্ৰকাশ কৰা হ’ব। তাৰ পাছত মতামত আৰু পৰামৰ্শসমূহ বিবেচনা কৰি ২০২৭ চনৰ প্ৰথম ছমাহৰ ভিতৰত চূড়ান্ত নিৰ্দেশনা প্ৰকাশৰ পৰিকল্পনা কৰা হৈছে।

বৃহস্পতিবাৰৰ বৈঠকত Meta, Google, Snapchat, ShareChat, Reddit আৰু Roblox-সহ মুঠ ১৬টা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে।

কি কি বিষয় থাকিব নতুন নিৰ্দেশনাত?

প্ৰস্তাৱিত নিৰ্দেশনাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত আছে শিশুৰ বয়স অনুসৰি উপযুক্ত ডিজিটেল অভিজ্ঞতা নিশ্চিত কৰা, শিশুৰ ব্যক্তিগত তথ্যৰ সুৰক্ষা, অনলাইন যৌন শোষণ আৰু নিৰ্যাতনমূলক সমল চিনাক্তকৰণ, আসক্তি সৃষ্টি কৰিব পৰা ডিজিটেল ব্যৱস্থাৰ নিয়ন্ত্ৰণ আৰু ডিজিটেল সুস্থতা।

ইয়াৰ উপৰি, অনলাইনত হোৱা হয়ৰানি, অনুপযুক্ত সমলৰ প্ৰচাৰ, শিশুক লক্ষ্য কৰি কৰা অনলাইন প্ৰলোভন আৰু ব্যক্তিগত গোপনীয়তা উলংঘনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বিষয়ো নিৰ্দেশনাত থাকিব।

আয়োগৰ এগৰাকী বিষয়াই উল্লেখ কৰা মতে, কিছুমান ডিজিটেল কাৰ্যকলাপ আইনসন্মত হ’লেও শিশুৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। উদাহৰণস্বৰূপে, নিচাৰ দৰে বাৰে বাৰে ৰীল চাই থকাৰ প্ৰৱণতা সৃষ্টি কৰা ব্যৱস্থা আৰু এলগৰিদমৰ জৰিয়তে একেৰাহে ক্ষতিকাৰক সমল দেখুওৱাৰ বিষয়টো উদ্বেগৰ কাৰণ।

মে’ মাহৰ পৰা আৰম্ভ হৈছিল আলোচনা

এই নিৰ্দেশনা প্ৰস্তুতৰ পৰামৰ্শমূলক প্ৰক্ৰিয়া চলিত বৰ্ষৰ ২২ মে’ত ছ’চিয়েল মিডিয়া আৰু প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ সৈতে হোৱা বৈঠকৰ জৰিয়তে আৰম্ভ হৈছিল। পৰৱৰ্তী সময়ত বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে পৃথক আলোচনাও অনুষ্ঠিত কৰা হয়।

২৪ জুলাইত নাগৰিক সমাজৰ সংগঠনসমূহৰ সৈতে আলোচনা কৰি তেওঁলোকৰ পৰামৰ্শসমূহো খচৰাত অন্তৰ্ভুক্ত কৰা হয়। আনহাতে, ১৯ অক্টোবৰত অনলাইন গেমিং প্ৰতিষ্ঠানসমূহৰ সৈতে পৃথক বৈঠক অনুষ্ঠিত হৈছিল।

এই নিৰ্দেশনা প্ৰস্তুতৰ ক্ষেত্ৰত ইলেক্ট্ৰনিকছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰ্যালয় (MeitY), টেলিকমিউনিকেশ্যন বিভাগ (DoT) আৰু ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ (I4C) সৈতেও আলোচনা চলাইছে আয়োগে।