নতুন দিল্লী, ১৩ নৱেম্বৰ: মহিলা সংৰক্ষণ কাৰ্যকৰী কৰাৰ সৈতে জড়িত সাংবিধানিক সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সংসদৰ বিশেষ অধিৱেশন আহ্বানৰ পৰিকল্পনা কৰিছে। বিধেয়কখন গৃহীত কৰিবলৈ প্ৰয়োজনীয় দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা ১৫ৰ পৰা ১৮টা ভোটৰ ব্যৱধানত লাভ কৰিব বুলি চৰকাৰী সূত্ৰই আশা প্ৰকাশ কৰিছে।
বিশেষ অধিৱেশনখনৰ তাৰিখ বা সময়সীমা এতিয়াও প্ৰকাশ কৰা হোৱা নাই। লোকসভাত সাংবিধানিক সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ ৩৬১টা ভোটৰ প্ৰয়োজন। ৫৪৩ সদস্যৰ লোকসভাত বৰ্তমান তিনিখন আসন খালী আছে।
প্ৰস্তাৱিত সংশোধনীৰ জৰিয়তে সীমা নিৰ্ধাৰণ কৰি লোকসভাৰ সৰ্বাধিক সদস্যসংখ্যা ৫৪৩ৰ পৰা ৮৫০লৈ বৃদ্ধি কৰাৰ কথা বিবেচনা কৰা হৈছে। ইয়াৰ ফলত সংসদ আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ কাৰ্যকৰী কৰাৰ পথ মুকলি হ'ব।
১৭ এপ্ৰিলত বাজেট অধিৱেশনৰ বিশেষ বৈঠকত একেধৰণৰ সাংবিধানিক সংশোধনী বিধেয়কে লোকসভাত প্ৰয়োজনীয় ভোট লাভ কৰিব পৰা নাছিল।
১৩ আগষ্টত দুয়োখন সদন অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ পাছতো সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ আনুষ্ঠানিক সামৰণি ঘোষণা কৰা হোৱা নাই। ৯১ দিন ধৰি এই অধিৱেশন আনুষ্ঠানিকভাৱে সামৰণি নোহোৱাকৈ আছে। ইয়াৰ ফলত ২০০৮ চনৰ ৮৭ দিনৰ পূৰ্বৰ অভিলেখ অতিক্ৰম হৈছে।
চলিত অধিৱেশনৰ ভিতৰতে অতিৰিক্ত বৈঠক আহ্বান কৰিবলৈ ন্যূনতম দুদিনৰ জাননীৰ প্ৰয়োজন। নতুন অধিৱেশন আহ্বানৰ ক্ষেত্ৰত কমেও ১৪ দিনৰ জাননী লাগে।
চৰকাৰে ২০২৯ৰ সংসদীয় নিৰ্বাচনৰ পূৰ্বে মহিলা সংৰক্ষণ আইন কাৰ্যকৰী কৰাৰ লক্ষ্যৰে সকলো ৰাজ্যতে লোকসভাৰ আসন ৫০ শতাংশকৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ বিবেচনা কৰিছে। ১৯৭১ৰ জনগণনাৰ ভিত্তিত ৰাজ্যসমূহৰ মাজত বৰ্তমানৰ আসন-অনুপাত অক্ষুণ্ণ ৰখাৰ কথাও নতুন খচৰাত আছে যদিও এই বিষয়ে এতিয়াও চূড়ান্ত সিদ্ধান্ত হোৱা নাই।