ডিব্ৰুগড়, ১৫ নৱেম্বৰ: আইতাকৰ শেষকৃত্যত অংশগ্ৰহণৰ বাবে আদালতৰ পৰা এদিনৰ কাৰাবন্দী পেৰ’ল লাভ কৰিও উপস্থিত থাকিব নোৱাৰিলে খাডুৰ চাহিবৰ সাংসদ অমৃতপাল সিং। এই ঘটনাক কেন্দ্ৰ কৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে তেওঁৰ অধিবক্তাই।
অমৃতপালৰ অধিবক্তা কৰমবীৰ সিং পান্নুৰ অভিযোগ অনুসৰি, আইতাকৰ মৃত্যুৰ পাছত পৰিয়ালে শেষকৃত্যৰ দিন ২০ নৱেম্বৰলৈ পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি পেৰ’লৰ দিন সলনিৰ বাবে সংশোধিত আবেদন দাখিল কৰিবলৈ চেষ্টা কৰোঁতে কাৰাগাৰ কৰ্তৃপক্ষই আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।
অমৃতপালৰ আইতাক চৰণ কৌৰৰ শেষকৃত্যত অংশগ্ৰহণৰ বাবে অমৃতসৰৰ এখন আদালতে ১৪ নৱেম্বৰত তেওঁক এদিনৰ কাৰাবন্দী পেৰ’ল প্ৰদান কৰিছিল। কিন্তু ডিব্ৰুগড়ৰ পৰা পঞ্জাবলৈ নিয়াৰ প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈ পৰ্যাপ্ত সময় নথকাৰ কথা কাৰাগাৰ কৰ্তৃপক্ষই জনাইছিল। ফলত তেওঁ শেষকৃত্যত উপস্থিত থাকিব নোৱাৰিলে।
ইফালে, পৰিয়ালে ২০ নৱেম্বৰত শেষকৃত্য আৰু ২২ নৱেম্বৰত ধৰ্মীয় প্ৰাৰ্থনাৰ দিন ধাৰ্য কৰিছে। অধিবক্তাৰ দলটোৱে সোমবাৰে পুনৰ আদালতৰ দ্বাৰস্থ হৈ নতুন তাৰিখত পেৰ’লৰ অনুমতি বিচাৰিব বুলি জনাইছে।
প্ৰয়োজন হ’লে উচ্চ ন্যায়ালয় আৰু সৰ্বোচ্চ ন্যায়ালয়ৰো কাষ চাপিব বুলি অধিবক্তাই জনাইছে। ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা অমৃতপাল সিং ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে।