পুনে, ১৫ নৱেম্বৰ: পুনেৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হোৱা ইণ্ডিগ'ৰ এখন বিমানত উৰণৰ কিছু সময় পিছতে কাৰিকৰী বিজুতি ধৰা পৰে। পাইলটৰ তৎপৰতাত বিমানখন পুনেৰ বিমানবন্দৰলৈ ঘূৰাই আনি নিৰাপদে অৱতৰণ কৰোৱা হয়। ঘটনাটোত কোনো লোক হতাহত হোৱা নাই।
ইণ্ডিগ'ৰ ৬ই ০৬২৩ নম্বৰৰ বিমানখনত যাত্ৰী আৰু বিমানকৰ্মীসহ মুঠ ১৯২গৰাকী লোক আছিল। উৰণৰ পিছতে বিমানখনৰ অৱতৰণৰ চকা বাহিৰ হৈ থকা বুলি পাইলটে বিমান পৰিবহণ নিয়ন্ত্ৰণ কেন্দ্ৰক অৱগত কৰে।
পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি বিমানখন পুনেৰ বিমানবন্দৰলৈ ঘূৰাই অনাৰ সিদ্ধান্ত লোৱা হয়। পুৱা ৯ বাজি ৪ মিনিটত বিমানখনে নিৰাপদে অৱতৰণ কৰে।
জৰুৰী পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিমানবন্দৰ কৰ্তৃপক্ষই বিমান পৰিবহণ নিয়ন্ত্ৰণ কেন্দ্ৰ, ইণ্ডিগ' আৰু সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে যোগাযোগ কৰে। ভাৰতীয় বায়ুসেনাই সম্পূৰ্ণ জৰুৰী অৱস্থা ঘোষণা কৰি উদ্ধাৰ আৰু সুৰক্ষাৰ প্ৰস্তুতি গ্ৰহণ কৰে। অগ্নিনিৰ্বাপক বাহিনী, এম্বুলেঞ্চ আৰু উদ্ধাৰকাৰী দল সাজু কৰি ৰখা হয়।
অৱতৰণৰ পূৰ্বে বিমানখনক ৰানৱেৰ ওপৰেৰে কম উচ্চতাত উৰুৱাই অৱতৰণৰ চকাসমূহৰ অৱস্থা পৰীক্ষা কৰা হয়। পৰীক্ষাৰ পিছত নিৰাপদ অৱতৰণৰ সিদ্ধান্ত লোৱা হয়।
বিমানখন ৰোৱাৰ পিছত এৰ'ব্ৰিজ সংযোগ কৰি আটাইকেইগৰাকী যাত্ৰী আৰু কৰ্মচাৰীক নিৰাপদে বাহিৰলৈ উলিয়াই অনা হয়। ইণ্ডিগ'ই এক বিবৃতিত ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰি যাত্ৰীসকলক পৰিস্থিতিৰ বিষয়ে সময়মতে অৱগত কৰি থকা বুলি জনায়।