লক্ষ্ণৌ, ১৫ নৱেম্বৰ: হিন্দুসকলৰ মাজত ঐক্য গঢ়ি তোলাৰ ক্ষেত্ৰত ইছলাম ধৰ্মৰ পৰা শিক্ষা লোৱা উচিত বুলি মন্তব্য কৰিছে উত্তৰ প্ৰদেশৰ বিধায়ক তথা জনসত্তা দল (লোকতান্ত্ৰিক)ৰ মুৰব্বী কুঁৱৰ ৰঘুৰাজ প্ৰতাপ সিং ওৰফে ৰাজা ভাইয়াই।

শনিবাৰে এক বাৰ্তালাপত হিন্দুসকলক একত্ৰিত কৰিব পৰা কোনো আদৰ্শ আছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, ইছলাম ধৰ্মৰ পৰা ঐক্যৰ শিক্ষা ল'ব লাগে।

ৰাজা ভাইয়াই কয়, বহু মুছলমান কংগ্ৰেছ, সমাজবাদী পাৰ্টী, আনকি বাওঁপন্থী দলতো আছে। কিন্তু ৰাজনৈতিক দল বেলেগ হ'লেও তেওঁলোকৰ বাবে ইছলাম ধৰ্মই অগ্ৰাধিকাৰ লাভ কৰে।

তেওঁৰ মতে, হিন্দুসকলে কোনো এটা ৰাজনৈতিক দলৰ পৰিসীমাৰ ভিতৰত নিজকে সীমাবদ্ধ কৰি ৰাখিব নালাগে। হিন্দুত্বৰ প্ৰশ্নত তেওঁলোকৰ পৰিচয় আৰু বিশ্বাসক ৰাজনৈতিক দলৰ ঊৰ্ধ্বত স্থান দিব লাগে।

হিন্দুত্বৰ নামত ৰাজনৈতিক দলসমূহৰ মাজত বিভাজনৰ প্ৰসংগত বিধায়কগৰাকীয়ে কয় যে, এটা বা দুটা ব্যতিক্ৰমৰ বাহিৰে অধিকাংশ ৰাজনৈতিক দলেই হিন্দুসকলৰ মাজত ঐক্য নিবিচাৰে।

ইফালে, কুণ্ডাত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ ৰামকথা অনুষ্ঠিত কৰাৰ বিৰোধিতাৰ প্ৰসংগত ৰাজা ভাইয়াই এনে দাবীক অসাংবিধানিক বুলি অভিহিত কৰে। তেওঁ সংবিধানৰ ২৫ আৰু ২৬ নং অনুচ্ছেদ পঢ়িবলৈ পৰামৰ্শ দিয়ে।

১৭ৰ পৰা ২০ নৱেম্বৰলৈ কুণ্ডাত ৰামকথাৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটোত প্ৰায় ৫০০গৰাকী পাকিস্তানী হিন্দু শৰণাৰ্থীয়েও অংশগ্ৰহণ কৰিব বুলি ৰাজা ভাইয়াই জনায়।