নতুন দিল্লী, ২ নৱেম্বৰ: দীপাৱলীৰ পূৰ্বে দিল্লী-NCRত সেউজ ফটকা ফুটোৱাৰ ক্ষেত্ৰত দুদিনৰ বাবে চৰ্তসাপেক্ষ অনুমতি প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। সোমবাৰে আদালতে দিয়া নিৰ্দেশ অনুসৰি, ৭ আৰু ৮ নৱেম্বৰত নিৰ্দিষ্ট সময়ৰ ভিতৰতহে সেউজ ফটকা ফুটাব পাৰিব। আনহাতে, ৯ নৱেম্বৰৰ পৰা সমগ্ৰ দিল্লী-NCRত ফটকা ফুটোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা বলৱৎ হ’ব।

আদালতৰ নিৰ্দেশ অনুসৰি, ৭ আৰু ৮ নৱেম্বৰত পুৱা ৬ বজাৰ পৰা ৭ বজালৈ আৰু নিশা ৮ বজাৰ পৰা ১০ বজালৈ সেউজ ফটকা ফুটোৱাৰ অনুমতি থাকিব।

ইয়াৰ উপৰি, চিকিৎসালয়, নাৰ্ছিং হোম, প্ৰাথমিক আৰু জিলা স্বাস্থ্যকেন্দ্ৰ, বৃদ্ধাশ্ৰম তথা অধিসূচিত নীৰৱ অঞ্চলৰ ৩০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ ফটকা ফুটাব নোৱাৰিব বুলি নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।

দিল্লী-NCRত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ লক্ষ্যৰে আদালতে এই নিৰ্দেশ প্ৰদান কৰিছে।