নখুটীৰ পি এম শ্ৰী নখুটি হাইস্কুলত পৰিবেশ সজাগতা সভা অনুষ্ঠিত ।লংকাৰ উচ্চ শৈক্ষিক শিক্ষানুষ্ঠান কৃষ্ণ বৰা বি.এড. কলেজৰ তৃতীয় চেমিষ্টাৰৰ প্ৰশিক্ষাৰ্থীয়ে পাঠ্যক্ৰমৰ ইণ্টাৰশ্বিপ কাৰ্য্যসূচীৰ অংশ হিচাপে উক্ত কাৰ্যসূচীৰ আয়োজন কৰে।

পৰিবেশ সজাগতা অৰ্থাৎ গছ-গছনিৰ পৰা অক্সিজেন যোগান, খাদ্য যোগান, বায়ুমণ্ডল বিশুদ্ধকৰণ,বৰষুণ অহাত সহায়, গছ-গছনিৰ পৰা গৰমত ছাঁ পোৱা, পৃথিৱীখন সেউজীয়া কৰি ৰখা আদিৰ ওপৰত বিস্তৃতভাৱে উক্ত সভাত আলোচনা কৰা হয় ।

অনুষ্ঠানটো আৰম্ভ কৰাৰ মুল উদ্দেশ্য হ'ল "গছ থাকিলে আমাৰ অস্তিত্ব থাকিব " ।।

সভাৰ অন্তত : বিদ্যালয়খনৰ চৌহদত বিদ্যালয়খনৰ প্ৰধান শিক্ষক, শিক্ষকসমাজ, অভিভাৱক, শিক্ষাৰ্থী আৰু বি.এড কলেজৰ প্ৰশিক্ষাৰ্থী সকলে পৰিবেশ সজাগতাৰ অংশ স্বৰূপে বৃক্ষ অৰ্থাৎ গছ পুলি ৰোপণ কৰি গছৰ যত্ন লোৱা প্ৰতিশ্ৰুতি লয়।