জাগুনত আৰক্ষীৰ বৃহৎ সফলতা! ৩১৮.৮৮ গ্ৰাম নিষিদ্ধ ড্ৰাগছসহ অৰুণাচলৰ এজন সৰবৰাহকাৰী আটক
Newz Now সেৱা, জাগুন, ১৯ নৱেম্বৰ: নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অবিৰত অভিযান আজিও অব্যাহত ৰাখিছে তিনিচুকীয়া জিলা আৰক্ষী প্ৰশাসনে। জিলা আৰক্ষীৰ এগৰাকী উচ্চপদস্থ বিষয়াৰ উপস্থিতিত লেখাপানী আৰু জাগুন আৰক্ষীয়ে যুটীয়াভাৱে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযানৰ ধাৰাবাহিকতা আজিও অক্ষুন্ন ৰাখি সফলতাৰ জখলা বগাবলৈ সক্ষম হৈছে। এই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখি অভিযানকাৰী দলটোৱে বৃহস্পতি বাৰে বিয়লি অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল জাগুনৰ ১২ মাইলস্থিত ৱাৰা গাওঁ প্ৰবেশ পথত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ এজন লোকক আটক কৰিবলৈ সক্ষম হৈছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰ ১৭ মাইলৰ নিবাসী ৬৫ বছৰীয়া চন্দ্ৰ তামাং নামৰ এজন ব্যক্তিক ড্ৰাগছ ভৰ্তি ২৫টা চাবোনৰ বাকচ সহ আটক কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে। আটকাধীন ব্যক্তিজনৰ পৰা আৰক্ষীয়ে ৩১৮•৮৮ গ্ৰাম ড্ৰাগছ জব্দ কৰে। জব্দকৃত ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় ৬৩ লক্ষাধিক টকা হ'ব বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ পাইছে। বাতৰি প্ৰেৰণ কৰা মুহূৰ্তলৈকে ধৃত ব্যক্তিজনৰ পৰা অধিক তথ্য আহৰণৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।