গুৱাহাটী, ১৮ নৱেম্বৰ:
চাইকেলেৰে মাউণ্ট এভাৰেষ্ট বেছ কেম্পলৈ ৰূপম গগৈ,সৌৰভ দাসৰ যাত্ৰা। জুবিন ক্ষেত্ৰত জুবিন গাৰ্গক সেৱা কৰি যাত্ৰা আৰম্ভ কৰিছে দুই যুৱকে। গোলাঘাট জিলাৰ মেৰাপানীৰ যুৱক ৰূপম গগৈ,সৌৰভ দাস। প্ৰায় ৩ মাহ যাত্ৰা কৰি উপস্থিত হ'বগৈ মাউণ্ট এভাৰেষ্ট বেছ কেম্পত।
গোলাঘাট জিলাৰ মেৰাপানীৰ দুই যুৱক ৰূপম গগৈ আৰু সৌৰভ দাসে চাইকেলেৰে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ বেছ কেম্পলৈ যাত্ৰা আৰম্ভ কৰিছে। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই তেওঁলোকে গুৱাহাটীৰ জুবিন ক্ষেত্ৰৰ পৰা এই বিশেষ অভিযানৰ শুভাৰম্ভ কৰে।
প্ৰায় তিনি মাহৰ ভিতৰত এভাৰেষ্ট বেছ কেম্পত উপস্থিত হোৱাৰ লক্ষ্য লৈ আগবাঢ়িছে যুৱক দুজন। দুৰ্গম পাহাৰীয়া পথ আৰু প্ৰতিকূল বতৰ অতিক্ৰম কৰি লক্ষ্যস্থানত উপস্থিত হোৱাটো এই অভিযানৰ অন্যতম প্ৰত্যাহ্বান হ'ব।
ৰূপম গগৈয়ে নিজৰ চাইকেলখনত ভাৰতীয় জাতীয় পতাকাৰ লগতে 'জয় আই অসম' আৰু 'জয় জুবিনদা' লিখা অসমীয়া গামোচা লৈ এই যাত্ৰাৰ জৰিয়তে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰ লগতে ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য বৰ্জন তথা গছপুলি ৰোপণৰ জৰিয়তে পৰিৱেশ সুৰক্ষাৰ বাৰ্তা সমাজলৈ প্ৰচাৰ কৰিব বিচাৰিছে ।
অভিযানত যুৱক দুজনে ভাৰতীয় জাতীয় পতাকাৰ লগতে ‘জয় আই অসম’ আৰু ‘জয় জুবিনদা’ লিখা অসমীয়া গামোচা কঢ়িয়াই নিছে। এভাৰেষ্ট বেছ কেম্পত অসমৰ স্বাভিমানৰ প্ৰতীক উৰুৱাই অসমৰ সংস্কৃতি আৰু পৰিচয় বিশ্বৰ সন্মুখত তুলি ধৰাৰো লক্ষ্য লৈছে তেওঁলোকে।
প্ৰচণ্ড শীত আৰু দুৰ্গম পাহাৰীয়া পথ অতিক্ৰম কৰি তেওঁলোকে এই যাত্ৰা সফল কৰিবলৈ অদম্য সাহস আৰু মনোবলেৰে আগবাঢ়িছে। ইয়াৰ পূৰ্বে ৰূপম গগৈয়ে অকলে চাইকেলেৰে নেপাল, লাডাখ আৰু শ্ৰীলংকা ভ্ৰমণ কৰিছে।