কামৰূপ, ২০ নৱেম্বৰ: দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তৰ প্ৰাকৃতিকভাৱে চহকী ঐতিহাসিক চানডুবি বিলৰ পাৰত আজি আনুষ্ঠানিকভাৱে সপ্তদশ বাৰ্ষিক চানডুবি উৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়। অহা পহিলা জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই উৎসৱৰ লাইখুঁটা নৃগোষ্ঠীয় পৰম্পৰাৰে স্থাপন কৰে কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই।
উৎসৱ উদযাপন সমিতিৰ সম্পাদক সত্যজিৎ ৰাভাই আঁত ধৰা অনুষ্ঠানটিত সভাপতি প্ৰাঞ্জল ৰাভাকে ধৰি বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি, ৰাভা মহিলা পৰিষদ আৰু অন্যান্য ৰাভা জাতীয় সংগঠনৰ নেতা-কৰ্মী তথা স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। মাংগলিক অনুষ্ঠানৰ অংশ হিচাপে শিল্পীসকলে পৰম্পৰাগত ৰাভা লোককৃষ্টি বগেজাৰী নৃত্য প্ৰদৰ্শন কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই কয় যে পৰ্যটনৰ বাবে প্ৰয়োজনীয় সকলো উপাদান চানডুবিত আছে আৰু অঞ্চলটোৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাও প্ৰশংসনীয়। গুৱাহাটী মহানগৰীৰ নিচেই কাষৰ এই গুৰুত্বপূৰ্ণ পৰ্যটন ক্ষেত্ৰখনৰ প্ৰচাৰ আৰু প্ৰসাৰত স্থানীয় ৰাভা সংগঠনসমূহে উল্লেখযোগ্য ভূমিকা লৈছে বুলি তেওঁ প্ৰশংসা কৰে।
চানডুবি বিলৰ জলস্তৰ হ্ৰাস পোৱা আৰু আনুষঙ্গিক প্ৰাকৃতিক সংকটৰ সন্দৰ্ভত আয়ুক্তগৰাকীয়ে কয় যে বিশেষজ্ঞসকলৰ সৈতে আলোচনা কৰি বিলখনৰ স্বকীয়তা আৰু প্ৰাকৃতিক পৰিৱেশ অক্ষুণ্ণ ৰখাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
আয়োজকসকলে জানিবলৈ দিয়া মতে, উৎসৱৰ জৰিয়তে স্থানীয় নৃগোষ্ঠীয় খাদ্যাভাস, লোকাচাৰ, প্ৰকৃতি সংৰক্ষণ আৰু বৰ্ণিল লোকসংস্কৃতি তুলি ধৰা হ'ব। চানডুবিৰ ঐতিহ্য ৰক্ষাৰ স্বাৰ্থত গণ সজাগতা সৃষ্টি কৰা আৰু অঞ্চলটোক এক আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাই এই উৎসৱৰ মূল উদ্দেশ্য।