বডোদৰা, ১৯ নৱেম্বৰ: প্ৰাক্তন ক্ৰিকেটাৰ তথা তৃণমূল কংগ্ৰেছৰ সাংসদ ইউছুফ পাঠানক ২০ কোটি টকাতকৈ অধিক মূল্যৰ মাটি আৱণ্টনৰ প্ৰস্তাৱত অনুমোদন জনাইছে বিজেপি শাসিত বডোদৰা পৌৰ নিগমে। বুধবাৰে প্ৰায় চাৰি ঘণ্টা ধৰি চলা উত্তপ্ত বিতৰ্কৰ অন্তত সংখ্যাগৰিষ্ঠ ভোটেৰে প্ৰস্তাৱটো গৃহীত হয়।

প্ৰস্তাৱ অনুসৰি, মাটিখিনিৰ এটা অংশ পাঠানক উপহাৰ হিচাপে দিয়া হ'ব। আনটো অংশ বজাৰ মূল্যৰ প্ৰায় আধা দামত বিক্ৰী কৰা হ'ব। বিক্ৰীৰ বাবে নিৰ্ধাৰিত অংশটোৰ মূল্য ৫.৫২ কোটি টকা।

মাটিখিনিৰ সঠিক মূল্য আৰু পাঠানে পৰিশোধ কৰিবলগীয়া ধনৰ পৰিমাণ পৌৰ নিগমে পৰৱৰ্তী সময়ত তেওঁক আনুষ্ঠানিকভাৱে জনাব। ইয়াৰ পাছত বিক্ৰী চুক্তি পঞ্জীয়নৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব বুলি বিষয়াসকলে জনাইছে।

উল্লেখ্য যে, প্ৰস্তাৱিত ভূমিখণ্ডটো অশান্ত অঞ্চল আইনৰ অধীনত পৰে। সাম্প্ৰদায়িক সংঘৰ্ষৰ প্ৰৱণতা থকা অঞ্চলত জিলা প্ৰশাসনৰ অনুমতি অবিহনে স্থাৱৰ সম্পত্তি হস্তান্তৰত এই আইনে বাধা আৰোপ কৰে।

সেয়েহে ভূমি আৱণ্টনৰ ক্ষেত্ৰত আইনখন প্ৰযোজ্য হ'ব নে নহয়, সেই সন্দৰ্ভত পৌৰ নিগমে আইনী মতামত ল'ব। আইনী মতামত লাভ কৰাৰ পাছতহে পৰৱৰ্তী প্ৰক্ৰিয়া আগবঢ়োৱা হ'ব।

ইফালে, কংগ্ৰেছে এই আৱণ্টনৰ তীব্ৰ বিৰোধিতা কৰিছে। দলটোৰ অভিযোগ, ৰাজহুৱা সম্পত্তি অতি কম মূল্যত এজন ব্যক্তিক হস্তান্তৰ কৰা হৈছে; এনে সুবিধা সাধাৰণ নাগৰিকে লাভ নকৰে। পৌৰ নিগমৰ বৈঠকৰ পূৰ্বে বডোদৰা মহানগৰ কংগ্ৰেছৰ সভাপতি ঋত্বিজ যোশীসহ কেইবাগৰাকীও নেতাক আৰক্ষীয়ে আটক কৰে। বৈঠকৰ সময়ত প্ৰতিবাদী কংগ্ৰেছ নেতাসকলক পৌৰ নিগম চৌহদত প্ৰৱেশত বাধা দিবলৈ প্ৰৱেশদ্বাৰ বন্ধ কৰি আৰক্ষী মোতায়েন কৰা হৈছিল।