ইম্ফল, ২১ নৱেম্বৰ: মণিপুৰৰ চাণ্ডেল জিলাত সন্দেহযুক্ত বিষাক্ত সুৰা সেৱনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি পাইছে। এই মৰ্মান্তিক ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু ঘটনাটোৰ এক নিৰপেক্ষ তদন্তৰ দাবী উত্থাপন হৈছে।

স্থানীয় নাগা সংগঠন এনাল নাগা ইউনিয়নে (এএনইউ) সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে আৰক্ষীৰ মহাপৰিদৰ্শক (আইজি) পৰ্যায়ৰ এজন বিষয়াৰ নেতৃত্বত এক বিশেষ তদন্তকাৰী দল (এছআইটি) গঠনৰ দাবী জনাইছে। সংগঠনটোৱে মৃতকৰ পৰিয়ালক এককালীন ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে চিকিৎসাধীন লোকসকলৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ চৰকাৰক বহন কৰিবলৈ আহ্বান জনায়।

মণিপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত সংগঠনটোৰ সভাপতি পাছেল মণিহৰছিঙে জনায় যে ১৮ৰ পৰা ২০ নৱেম্বৰৰ ভিতৰত চাকপিকাৰঙৰ কেইবাজনো লোক সন্দেহযুক্ত বিষাক্ত সুৰা সেৱন কৰি অসুস্থ হৈ পৰিছিল। তেওঁ সদৰী কৰা মতে, ৬০০ৰো অধিক লোক ইম্ফলৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

সংগঠনটোৱে আৰক্ষী, আৱকাৰী, স্বাস্থ্য আৰু ফৰেনছিক বিভাগৰ বিষয়াক অন্তৰ্ভুক্ত কৰি এই এছআইটি গঠন কৰিবলৈ দাবী জনাইছে। ঘটনাৰ সৈতে জড়িত সকলো দিশৰ উচিত তদন্ত চলাই দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে দাবী উত্থাপন কৰে।

সংবাদমেলত চাণ্ডেল জিলাৰ দুৰ্বল স্বাস্থ্য আন্তঃগাঁথনিৰ বিষয়েও গভীৰ উদ্বেগ প্ৰকাশ কৰা হয়। জিলা চিকিৎসালয় আৰু সামূহিক স্বাস্থ্যকেন্দ্ৰসমূহৰ মান উন্নত কৰাৰ লগতে প্ৰয়োজনীয় চিকিৎসক, বিশেষজ্ঞ, নাৰ্ছ আৰু চিকিৎসা সঁজুলিৰ যোগান ধৰিবলৈ সংগঠনটোৱে চৰকাৰক অনুৰোধ জনায়।

উন্নত চিকিৎসা সেৱাৰ অভাৱত সংকটজনক অৱস্থাত থকা ৰোগীসকলক প্ৰায় ৭৫ কিলোমিটাৰ দূৰৈৰ ইম্ফললৈ নিবলগীয়া হোৱাত ৰোগী আৰু আত্মীয়সকলে চৰম অসুবিধাৰ সন্মুখীন হৈছে বুলিও সভাপতিগৰাকীয়ে উল্লেখ কৰে। সংগঠনটোৱে এই ঘটনাক কেৱল চাণ্ডেল জিলাৰ সমস্যা হিচাপে নলৈ সমগ্ৰ মণিপুৰৰ বাবে এক গুৰুত্বপূৰ্ণ উদ্বেগৰ বিষয় হিচাপে বিবেচনা কৰিবলৈ চৰকাৰক আহ্বান জনায়।