কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অৰুণাচল প্ৰদেশ ভ্ৰমণৰ পূৰ্বে মণিপুৰৰ সংকট আৰু প্ৰস্তাৱিত ছিয়াং উজনি বহুমুখী প্ৰকল্পক লৈ প্ৰশ্ন তুলিছে যুৱ কংগ্ৰেছে। দলটোৰ সাধাৰণ সম্পাদক তাৰহ জ'নীয়ে চৰকাৰে পূৰ্বপুৰুষৰ মাটি, খিলঞ্জীয়া পৰিচয়, পৰিৱেশৰ স্বাৰ্থ আৰু ক্ষতিগ্ৰস্ত জনসমাজৰ অধিকাৰ সুৰক্ষিত কৰিব নে নাই বুলি প্ৰশ্ন কৰে।
শুকুৰবাৰ সন্ধিয়াৰ পৰা শ্বাহৰ অৰুণাচল প্ৰদেশত তিনিদিনীয়া ভ্ৰমণসূচী আৰম্ভ হ'ব। শনিবাৰে বাণ্ডেৰদেৱাস্থিত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত তেওঁ অৰুণাচল প্ৰদেশ আৰক্ষীক সেৱাৰ স্বীকৃতি হিচাপে ৰাষ্ট্ৰপতিৰ আৰক্ষী পতাকা প্ৰদান কৰিব। লগতে নৱনিযুক্ত আৰক্ষী কৰ্মীক নিযুক্তিপত্ৰ বিতৰণ কৰাৰ কথা আছে।
ভ্ৰমণকালত শ্বাহে ইটানগৰত জ্যেষ্ঠ ৰাজ্য চৰকাৰী বিষয়াসকলৰ সৈতে বৈঠকত সভাপতিত্ব কৰি মুখ্য উন্নয়ন প্ৰকল্প, আন্তঃগাঁথনি, আভ্যন্তৰীণ সুৰক্ষা, সীমান্ত অঞ্চলৰ উন্নয়ন আৰু কেন্দ্ৰ-ৰাজ্যৰ সমন্বয়ৰ বিষয়সমূহ পৰ্যালোচনা কৰিব।
দেওবাৰে তেওঁ অৰুণাচল প্ৰদেশ সমবায় দৃষ্টিপত্ৰ ২০৪৭ উন্মোচন, সমবায় বঁটা প্ৰদান আৰু সৰস মেলা উদ্বোধন কৰিব। ইয়াৰ পাছত হোলোঙীত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ দ্বাদশ ব্যাটেলিয়নৰ চৌহদ উদ্বোধন কৰাৰ কাৰ্যসূচী আছে।
ছিয়াং উপত্যকাৰ একাংশ স্থানীয় লোকে বৃহৎ জলবিদ্যুৎ প্ৰকল্পখনৰ সম্ভাৱ্য প্ৰভাৱক লৈ আপত্তি জনাই আহিছে। শ্বাহৰ ভ্ৰমণক কেন্দ্ৰ কৰি ইটানগৰ আৰু পাপুম পাৰে জিলাত সুৰক্ষা ব্যৱস্থা জোৰদাৰ কৰা হৈছে। ২০ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈ সমগ্ৰ পাপুম পাৰে জিলাক উৰণ নিষিদ্ধ অঞ্চল ঘোষণা কৰা হৈছে।