গুৱাহাটী, ২২ নৱেম্বৰ: অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিজেপি দলৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগক ভিত্তিহীন আৰু হাস্যকৰ বুলি আখ্যা দিছে ৰাজ্যিক বিজেপিয়ে। শনিবাৰে বিজেপিৰ ৰাজ্যিক কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত এক সংবাদমেলত দলৰ জ্যেষ্ঠ মুখপাত্ৰ ব্ৰজেন মহন্তই কংগ্ৰেছ সভাপতিগৰাকীৰ বক্তব্যৰ তীব্ৰ প্ৰত্যুত্তৰ দিয়ে।
যোৱা ২১ নৱেম্বৰত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত এক সংবাদমেলত গৌৰৱ গগৈয়ে বিজেপি দল ছিন্ডিকেটৰ ধনেৰে চলা বুলি অভিযোগ তুলিছিল। ইয়াৰ উত্তৰত বিজেপিৰ মুখপাত্ৰ মহন্তই কয় যে বিজেপি দল আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এনডিএ চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰে কাম কৰে। বিজেপি চৰকাৰ কোনো পৰিয়ালবাদ বা স্বজনতোষণ নীতিত নচলে আৰু দুৰ্নীতিত লিপ্ত ব্যক্তিৰ শেষ স্থান কাৰাগাৰ বুলি তেওঁ স্পষ্ট কৰি দিয়ে।
মুখপাত্ৰগৰাকীয়ে কয় যে বিজেপি দলে কোনো ড্ৰাগছ ব্যৱসায়ী বা ছিন্ডিকেট চক্ৰৰ পৰা ধন লোৱাৰ প্ৰয়োজন নাই। বৰঞ্চ বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে দেৰগাঁৱৰ দত্ত উপাধিধাৰী এজন লোকৰ পৰা ধন লৈ নিৰ্বাচন খেলাৰ কথা ওলাইছিল বুলি তেওঁ ওলোটাই অভিযোগ কৰে। শিৱসাগৰ আৰু চৰাইদেউকে ধৰি উজনি অসমৰ বানাক্ৰান্ত লোকসকললৈ ৰাজ্যিক বিজেপিৰ সদস্যসকলৰ পৰা সংগ্ৰহ কৰা ধনেৰে ১২ কোটি টকাৰ সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছিল বুলিও তেওঁ জনায়।
ব্ৰজেন মহন্তই কংগ্ৰেছক কটাক্ষ কৰি কয় যে ২০১৪ চনৰ পৰা অসমৰ প্ৰতিটো নিৰ্বাচনতে কংগ্ৰেছ পৰাজিত হৈ আহিছে। অসমত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হোৱা বিকাশ দেখি কংগ্ৰেছ নেতৃবৰ্গ চৰম হতাশাত ভুগিছে। ৰাজ্য চৰকাৰে প্ৰতিমাহৰ ১ তাৰিখে কৰ্মচাৰীক দৰমহা দিয়াৰ লগতে ১০ তাৰিখে অৰুণোদয়, নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধন প্ৰদান কৰি আহিছে। ইয়াৰ উপৰি কংগ্ৰেছৰ দিনত চলা শ্ৰীৰামপুৰ আৰু ছাগলীয়া গেট বন্ধ কৰি এতিয়া জিএছটি সংগ্ৰহত অসমে দেশৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ উল্লেখ কৰে।
কৃষি, মৎস্য আৰু পশুপালনৰ ক্ষেত্ৰত চৰকাৰে লোৱা পদক্ষেপৰ ফলত বহিঃৰাজ্যৰ পৰা খাদ্য সামগ্ৰীৰ আমদানি হ্ৰাস পাইছে বুলিও বিজেপি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। কোনো তথ্য-প্ৰমাণ অবিহনে ৰাইজক বিভ্ৰান্ত নকৰিবলৈ তেওঁ গৌৰৱ গগৈক সকীয়াই দিয়ে। সংবাদমেলখনত বিজেপিৰ আন এগৰাকী মুখপাত্ৰ প্ৰাঞ্জল কলিতা আৰু দলৰ পেনেলিষ্ট অমল নাৰায়ণ পাটোৱাৰীও উপস্থিত থাকে।