খানাপাৰা, ২২ নৱেম্বৰ: বিশ্ববিখ্যাত মেডাম টুছো মিউজিয়ামত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মমৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে এক বিশেষ প্ৰচেষ্টা হাতত লৈছে সংগীতশিল্পী মানস ৰবীনে। এই উদ্দেশ্যে সামাজিক মাধ্যমত ‘#ZubeenGargStatueInMadameTussauds’ শীৰ্ষক এক হেজটেগ অভিযান আৰম্ভ কৰা হৈছে। এই অভিযানে ১০ লাখ বা এক মিলিয়নৰ সীমা অতিক্ৰম কৰিলে মেডাম টুছো কৰ্তৃপক্ষই জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপনৰ প্ৰস্তাৱ বিবেচনা কৰিব বুলি জানিব পৰা গৈছে।

খানাপাৰাত দেওবাৰে অনুষ্ঠিত ‘জুবিনদাৰ বাবে এদিন’ শীৰ্ষক এক ৰাজহুৱা সভাত অংশ লৈ মানস ৰবীনে এই কথা ঘোষণা কৰে। তেওঁ জনায় যে জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হোৱাৰ পিছদিনাই তেওঁ দুটা পৰিকল্পনাৰ কথা ঘোষণা কৰিছিল। ইয়াৰে এটা আছিল মেডাম টুছোত মমৰ প্ৰতিমূৰ্তি স্থাপনৰ প্ৰয়াস আৰু আনটো আছিল সমগ্ৰ অসমতে জুবিন গাৰ্গৰ নামত চিলা উৰুওৱাৰ কাৰ্যসূচী।

মানস ৰবীনে প্ৰকাশ কৰা অনুসৰি, লণ্ডনত থকা মানাহিল হুছেইন বাগদাদী নামৰ ব্যক্তিগৰাকীয়ে ইতিমধ্যে এই প্ৰচেষ্টাৰ কাম-কাজ আগবঢ়াই নিছে। এই প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ এতিয়া সামাজিক মাধ্যমত ব্যাপক প্ৰচাৰ চলোৱাৰ সিদ্ধান্ত লোৱা হৈছে।

এই হেজটেগটো আমি ফেচবুক আৰু সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিম। ১০ লাখ হ’লে মেডাম টুছোৱে জুবিনদাৰ প্ৰতিমূৰ্তি এটা লণ্ডনত প্ৰতিষ্ঠা কৰাৰ বাবে বিবেচনা কৰিব।

এই উদ্যোগৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহে জুবিন গাৰ্গৰ লগতে অসম আৰু তেওঁৰ সংগীত জগতখনৰ বিষয়েও জনাৰ সুযোগ পাব বুলি শিল্পীগৰাকীয়ে আশা প্ৰকাশ কৰে।

ন্যায়িক প্ৰক্ৰিয়া আৰু পৰিয়ালক লৈ মন্তব্য

সভাত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰদানৰ প্ৰসংগ উত্থাপন কৰি মানস ৰবীনে কয় যে চৰকাৰে ইতিমধ্যে অভিযোগনামা দাখিল কৰিছে আৰু ন্যায়ালয়ে এই সন্দৰ্ভত বিচাৰ কৰিব। তদন্ত বা অভিযোগনামা দাখিলৰ প্ৰক্ৰিয়াত কিবা ত্ৰুটি ৰৈ গৈছে নেকি, সেয়া পৰীক্ষা কৰি প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ তেওঁ চৰকাৰক আহ্বান জনায়। তেওঁ স্পষ্ট কৰে যে জুবিন সকলোৰে বাবে আপোন, সেয়ে বিষয়টোক কোনো ৰাজনৈতিক দৃষ্টিভংগীৰে চোৱা অনুচিত। তেওঁলোকে নিজে উকীল, ন্যায়াধীশ, আৰক্ষী বা চৰকাৰ নহয় বুলি উল্লেখ কৰি ন্যায়িক প্ৰক্ৰিয়াত হস্তক্ষেপ কৰাৰ পৰিৱৰ্তে জুবিন গাৰ্গৰ নাম বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাতহে গুৰুত্ব দিবলৈ আহ্বান জনায়।

আনহাতে, সামাজিক মাধ্যমত জুবিন গাৰ্গৰ পৰিয়ালক লৈ চলি থকা বিভিন্ন অপপ্ৰচাৰ আৰু অবাঞ্ছিত মন্তব্যক লৈও তেওঁ সতৰ্কবাণী শুনাইছে। পৰিয়ালটোৱে এক কঠিন সময় পাৰ কৰি থকাৰ পৰিপ্ৰেক্ষিতত তেনে বিতৰ্কৰ পৰা আঁতৰি থাকিবলৈ আৰু প্ৰয়োজনবোধে তেনে ব্যক্তিক সামাজিক মাধ্যমত ব্লক কৰিবলৈ তেওঁ অনুৰাগীসকলক আহ্বান জনায়।

উল্লেখ্য যে দিনৰ ১ বজাত আহ্বান কৰা ‘জুবিনদাৰ বাবে এদিন’ শীৰ্ষক অনুষ্ঠানটোৰ আৰম্ভণিতে ৰাইজৰ উপস্থিতি তুলনামূলকভাৱে সেৰেঙা আছিল।