২২ নম্বেবৰ, ২০২৬

ৰাজ্যত উচ্ছেদৰ নামতো ছিণ্ডিকেট চলি আছে। মুখ্যমন্ত্ৰীয়ে উচ্ছেদ চলায় আৰু তাৰ পাছত আজমলে স্মাৰক-পত্ৰ প্ৰদান কৰিবলৈ আহে ।

ৰাজ্যত অব্যাহত থকা উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলক তীব্ৰ আক্ৰমণ কৰিছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। ৰাজ্যখনত এতিয়া উচ্ছেদৰ নামতো ছিণ্ডিকেট চলি আছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে জ্যেষ্ঠ কংগ্ৰেছ সাংসদগৰাকীয়ে।

ৰকিবুল হুছেইনে অভিযোগ কৰা অনুসৰি মুখ্যমন্ত্ৰীয়ে উচ্ছেদ চলায় আৰু তাৰ পাছত আজমলে স্মাৰক-পত্ৰ প্ৰদান কৰি ৰাজনীতি কৰিবলৈ ওলাই আহে। স্মাৰক-পত্ৰত থকা প্ৰকৃত বিষয়সমূহ উত্থাপন কৰাৰ পৰিৱৰ্তে আজমলে গৌৰৱ গগৈ আৰু তেওঁকহে গালি-গালাজ পাৰে বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে যি শিকাই দিয়ে, সংবাদ মাধ্যমৰ আগত আজমলে ঠিক সেই কথাই কয়। আজমলৰ ব্যৱসায়-বাণিজ্যৰ সুৰক্ষা আৰু মুখ্যমন্ত্ৰীৰ সৈতে থকা গোপন বুজাবুজিৰ বাবেই শেহতীয়া লোকসভা নিৰ্বাচনত ৰাইজে তেওঁক ১০ লাখৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰিলে বুলিও হুছেইনে কটাক্ষ কৰে।

ধুবুৰীত উচ্ছেদৰ সন্মুখীন হোৱা লোকসকলৰ ভূমিৰ অধিকাৰক লৈ প্ৰশ্ন তুলি ৰকিবুল হুছেইনে কয় যে আজমলে একেৰাহে ১৫ বছৰ ধৰি ধুবুৰীৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে উচ্ছেদ হোৱা সমষ্টিবোৰত দলটোৰ বিধায়ক থকা সত্ত্বেও স্থানীয় লোকসকলৰ দখলীকৃত চৰকাৰী মাটিৰ ম্যাদীকৰণৰ বাবে চৰকাৰৰ ওচৰত কোনো আবেদন দাখিল নকৰিলে।

ইয়াৰ বিপৰীতে নিজৰ বিধায়ককালৰ অভিজ্ঞতা উল্লেখ কৰি সাংসদগৰাকীয়ে কয় যে তেওঁ ২০০১ চনৰ পৰা চামগুৰিৰ বিধায়ক হৈ থকা সময়ত স্বয়ং মুখ্য সচিবক তালৈ লৈ গৈ বহু বছৰ ধৰি বসবাস কৰি থকা লোকসকলক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিছিল। এজন নিৰ্বাচিত প্ৰতিনিধিৰ প্ৰধান দায়িত্ব হৈছে সমষ্টিবাসীৰ সমস্যা সমাধানৰ বাবে চৰকাৰৰ ওচৰত সজোৰে দাবী উত্থাপন কৰা বুলি তেওঁ সোঁৱৰাই দিয়ে।

পূৰ্বৰ মুখ্যমন্ত্ৰীসকলৰ কাৰ্যকালৰ প্ৰসংগ টানি ৰকিবুল হুছেইনে অভিযোগ কৰে যে প্ৰয়াত হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত যমুনামুখত চিকিৎসালয়ৰ নামত চৰকাৰী মাটি আজমলে হস্তগত কৰিছিল। একেদৰে প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী হৈ থকা সময়তো গুৱাহাটীত এটা সংগঠনৰ নামত মাটি লৈ পাছলৈ নিজৰ আত্মীয়ৰ নামলৈ হস্তান্তৰ কৰা বুলি তেওঁ দাবী কৰে।

ইফালে ভূমি উপদেষ্টা সমিতিৰ নিয়ম উলংঘা কৰি আদানীসহ অন্যান্য উদ্যোগিক প্ৰতিষ্ঠানক মাটি আৱণ্টন দিয়াৰ চেষ্টা চলোৱা হৈছে বুলিও অভিযোগ কৰে হুছেইনে। লেণ্ড এডভাইজৰী কমিটীৰ বৈঠকত ভূমি আৱণ্টনৰ প্ৰস্তাৱসমূহ আগতীয়াকৈ সদস্যসকলক জনোৱা আৰু বৈঠকৰ প্ৰচিডিং প্ৰদান কৰাৰ নিয়ম চৰকাৰে মানি চলা নাই বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে। ভৱিষ্যতে কংগ্ৰেছ চৰকাৰ ক্ষমতালৈ আহিলে জাতি-ধৰ্ম নিৰ্বিশেষে প্ৰকৃত ভূমিহীন লোকসকলৰ সমস্যা সমাধানৰ দায়িত্ব লৈ মাটি প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে নিয়ম বহিৰ্ভূতভাৱে মাটি দিয়া এনে সকলো ঘটনাৰ তদন্ত কৰি প্ৰয়োজন সাপেক্ষে উচ্ছেদ চলোৱা হ'ব।