গুৱাহাটী, ২২ নৱেম্বৰ:
লাখ লাখ জুবিন অনুৰাগীৰ বাবে ভাল খবৰ। জুবিনক্ষেত্ৰত সংৰক্ষিত হ'ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰেঞ্জ ৰ'ভাৰ বাহন।
প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ স্মৃতিবিজড়িত তেওঁৰ প্ৰিয় ৰেঞ্জ ৰ’ভাৰ বাহনখন পুনৰ ক্ৰয় কৰি সোণাপুৰৰ প্ৰস্তাৱিত জুবিনক্ষেত্ৰত সংৰক্ষণৰ উদ্যোগ লৈছে শিল্পীগৰাকীৰ ঘনিষ্ঠ বন্ধুমহলে। এএছ ০১ জিএ ৯৯৯৯ নম্বৰৰ ৰেঞ্জ ৰ’ভাৰ ভিলাৰ বাহনখন ঘূৰাই অনাৰ বাবে শনিবাৰে আনুষ্ঠানিকভাৱে পদক্ষেপ গ্ৰহণ কৰে শিল্পীগৰাকীৰ চাৰিজন ঘনিষ্ঠ বন্ধুৱে।
শিল্পীগৰাকীৰ অন্তৰংগ বন্ধু সৌমিক দত্ত, মানস ভাগৱতী, পৱিত্ৰ ৰাভা আৰু বংকিম ৰয় মেধিয়ে বাহনখনৰ বৰ্তমানৰ ক্ৰেতাগৰাকীৰ সৈতে যোগাযোগ কৰিছে। উচিত মূল্য প্ৰদানৰ বিনিময়ত বাহনখন পুনৰ ক্ৰয় কৰাৰ প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিছে। বাহনখন সংৰক্ষণ কৰাই তেওঁলোকৰ মূল উদ্দেশ্য আৰু এই পদক্ষেপৰ বাবে ইচ্ছুক অনুৰাগী তথা সাধাৰণ ৰাইজৰ আৰ্থিক সহযোগিতাও বন্ধুমহলে আহ্বান কৰিছে।
বাহনখন বিক্ৰী হোৱাৰ খবৰ ওলোৱাৰ পিছতে জুবিন অনুৰাগীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ২০ নৱেম্বৰত তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদে বাহনখন বিক্ৰী হোৱাৰ কথা প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে আজাৰাৰ সোণমণি দাস নামৰ এগৰাকী অনুৰাগীয়ে বাহনখন ক্ৰয় কৰা বুলি জানিব পৰা যায়। শিল্পীগৰাকীৰ প্ৰতি থকা অপৰিসীম শ্ৰদ্ধা আৰু ভালপোৱাৰ বাবেই তেওঁ বাহনখন ক্ৰয় কৰা বুলি জনাইছিল।
আনহাতে, বাহনখন ওভতাই আনি সংৰক্ষণ কৰাৰ দাবীত শুৱালকুছিৰ পৰাগ কলিতা নামৰ এজন অনুৰাগীয়ে ৰাজপথত বহি প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপো দাবী কৰিছিল।
সোণাপুৰত জুবিন গাৰ্গৰ স্মৃতি আৰু শিল্প-সংস্কৃতিৰ ঐতিহ্য সংৰক্ষণৰ উদ্দেশ্যে জুবিনক্ষেত্ৰ নিৰ্মাণৰ কাম চলি আছে। এই প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কামৰ বাবে অসম চৰকাৰে ইতিমধ্যে ১৫ কোটি টকা অনুমোদন জনাইছে।
অৱশ্যে ৰেঞ্জ ৰ’ভাৰ বাহনখন পুনৰ ক্ৰয় আৰু হস্তান্তৰৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই। বৰ্তমানৰ ক্ৰেতা সোণমণি দাসৰ আনুষ্ঠানিক সঁহাৰি লাভ কৰাৰ পিছতহে এই সন্দৰ্ভত পৰৱৰ্তী স্থিতি স্পষ্ট হ'ব।