লখিমপুৰ: ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ত বিজ্ঞানীৰ পদ লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে লখিমপুৰ জিলাৰ প্ৰতিভাৱান যুৱক সত্যজিৎ কামানে। মাত্ৰ ২২ বছৰ বয়সতে যুৱকজনে এই গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে।

সত্যজিৎ কামান লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত বালিচাপৰি গাঁৱৰ বাসিন্দা। তেওঁ মহুৰা চাপৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কমল কামানৰ পুত্ৰ।

ইয়াৰ পূৰ্বে ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত সমগ্ৰ অসমৰ ভিতৰতে তৃতীয় স্থান লাভ কৰিছিল সত্যজিতে। শৈক্ষিক জীৱনত ধাৰাবাহিকভাৱে মেধাৰ পৰিচয় দি অহা যুৱকজনে এইবাৰ মহাকাশ গৱেষণাৰ দৰে ক্ষেত্ৰত বিজ্ঞানী হিচাপে স্থান লাভ কৰি নিজৰ সাফল্যৰ আন এক মাইলৰ খুঁটি স্থাপন কৰে।

সত্যজিতৰ এই সাফল্যত ৰাজ্যৰ বিভিন্ন মহলে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। মিচিং জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা বিভিন্ন দল-সংগঠনেও যুৱ বিজ্ঞানীগৰাকীক অভিনন্দন জনোৱাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছে।