নতুন দিল্লী: দেশৰ ন্যায় ব্যৱস্থাত দীঘলীয়া আইনী প্ৰক্ৰিয়াই কেতিয়াবা শাস্তিৰ ৰূপ ল’ব পাৰে বুলি মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ সঞ্জয় কৌলে। উমৰ খালিদ আৰু শ্বাৰজিল ইমামৰ জামিন আবেদনৰ প্ৰসংগত তেওঁ কৰা এই মন্তব্যই বিচাৰাধীন বন্দীৰ অধিকাৰ আৰু জামিন প্ৰক্ৰিয়াৰ সময়সীমাক লৈ পুনৰ চৰ্চাৰ সৃষ্টি কৰিছে।

‘আমাৰ ব্যৱস্থাত প্ৰক্ৰিয়াটোৱেই শাস্তিলৈ পৰিণত হয়’—সঞ্জয় কৌলৰ এই মন্তব্যই বিচাৰ আৰম্ভ হোৱাৰ পূৰ্বে দীৰ্ঘদিন কাৰাগাৰত থাকিবলগীয়া হোৱা অভিযুক্তসকলৰ অৱস্থাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছে।

উল্লেখ্য যে, ২০২০ চনৰ দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৈতে জড়িত বৃহত্তৰ ষড়যন্ত্ৰৰ গোচৰত উমৰ খালিদ আৰু শ্বাৰজিল ইমামৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে। দুয়োগৰাকী অভিযুক্তই জামিন বিচাৰি আদালতৰ কাষ চাপিছিল। তেওঁলোকৰ গোচৰক কেন্দ্ৰ কৰি জামিনৰ অধিকাৰ, বিচাৰ প্ৰক্ৰিয়াৰ পলম আৰু ব্যক্তিগত স্বাধীনতাৰ বিষয়সমূহ পুনৰ আলোচনালৈ আহিছে।

আইনী বিশেষজ্ঞসকলৰ মতে, অপৰাধৰ অভিযোগ উত্থাপন হোৱাটোৱেই দোষী সাব্যস্ত হোৱাৰ সমান নহয়। সেয়েহে, জামিনৰ আবেদন বিবেচনা কৰাৰ সময়ত গোচৰৰ প্ৰকৃতিৰ লগতে অভিযুক্তৰ ব্যক্তিগত স্বাধীনতা আৰু ন্যায়সংগত বিচাৰৰ অধিকাৰো গুৰুত্বপূৰ্ণ।