নতুন দিল্লী, ২৮ অক্টোবৰ: ভাৰত-পাকিস্তানৰ মাজত কূটনৈতিক অস্থিৰতা অব্যাহত থকাৰ মাজতে দিল্লীত অনুষ্ঠিত হ’বলগীয়া ছাংহাই সহযোগিতা সংস্থাৰ (SCO) সভ্যতা-সংস্কৃতি বিষয়ক আলোচনাচক্ৰলৈ পাকিস্তানৰ ৰাষ্ট্ৰীয় ঐতিহ্য আৰু সংস্কৃতিমন্ত্ৰী ঔৰংজেব খান খিচ্চীক আমন্ত্ৰণ জনাইছে ভাৰতে। ২০২৫ চনৰ মে’ মাহত ‘অপাৰেচন সিন্দূৰ’ৰ পিছত পাকিস্তানৰ কোনো জ্যেষ্ঠ মন্ত্ৰীলৈ এয়া ভাৰতৰ প্ৰথম এনে আমন্ত্ৰণ বুলি জানিব পৰা গৈছে।
নতুন দিল্লীত ২০ আৰু ২১ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই আলোচনাচক্ৰৰ উদ্দেশ্য হৈছে এছিয়া আৰু ইউৰেছিয়াৰ দেশসমূহৰ মাজত সাংস্কৃতিক সম্পৰ্ক শক্তিশালী কৰা আৰু প্ৰাচীন সভ্যতাসমূহৰ ঐতিহ্য, কলা, সাহিত্য আৰু পৰম্পৰাৰ বিষয়ে আলোচনা কৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ছেপ্টেম্বৰত চীনৰ তিয়ানজিনত অনুষ্ঠিত SCOৰ শীৰ্ষ সন্মিলনত এই আলোচনাচক্ৰৰ প্ৰস্তাৱ দিছিল। পাছত ২০২৬ চনৰ ২০ অক্টোবৰত তাজিকিস্তানৰ দুশানবেত অনুষ্ঠিত SCOৰ চৰকাৰপ্ৰধান পৰিষদৰ বৈঠকত প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে ভাৰতত এই কাৰ্যসূচী অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে।
ৰাছিয়া, চীন, ভাৰত, পাকিস্তান, ইৰাণ, বেলাৰুছ, কাজাখস্তান, কিৰ্গিজস্তান, তাজিকিস্তান আৰু উজবেকিস্তান SCOৰ সদস্য ৰাষ্ট্ৰ। অহা বছৰ এই সংস্থাৰ শীৰ্ষ সন্মিলন পাকিস্তানত অনুষ্ঠিত হোৱাৰ কথা।
উল্লেখ্য যে, ২০১৬ চনৰ পাঠানকোট আৰু উৰি আক্ৰমণৰ পিছৰে পৰা ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ অৱনতি ঘটিছিল। ২০১৯ চনত দুয়োখন দেশে কূটনৈতিক প্ৰতিনিধিৰ মৰ্যাদা হ্ৰাস কৰাৰ পিছত সম্পৰ্ক অধিক অৱনতি ঘটে। ২০২৩ চনৰ মে’ মাহত তেতিয়াৰ পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱাল ভুট্টো জৰ্দাৰী গোৱাত অনুষ্ঠিত SCOৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছিল। তাৰ পিছত ২০২৪ চনৰ অক্টোবৰত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ SCOৰ চৰকাৰপ্ৰধান পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ ইছলামাবাদলৈ গৈছিল।
অৱশ্যে, পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে দিল্লীৰ আলোচনাচক্ৰত অংশগ্ৰহণ কৰিব নে নাই, সেই বিষয়ে এতিয়াও নিশ্চিত তথ্য প্ৰকাশ পোৱা নাই।