মণিপুৰ, ২৩ নৱেম্বৰ: মণিপুৰত এখন এম্বুলেন্স আৰু সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত এগৰাকী অন্তঃসত্ত্বা মহিলাৰ মৃত্যু ঘটে। এই ভয়াৱহ পথ দুৰ্ঘটনাত কেইবাজনো লোক আহত হৈছে।
জানিব পৰা মতে, দুৰ্ঘটনাটোৰ ফলত অন্তঃসত্ত্বা মহিলাগৰাকীয়ে ঘটনাস্থলীতে প্ৰাণ হেৰুৱায়। একে সময়তে এম্বুলেন্সখনত থকা আন কেইবাগৰাকীও লোক গুৰুতৰভাৱে আহত হয়। বিএছএফৰ বাহনখনত যাত্ৰা কৰা কেইবাগৰাকী জোৱানো আহত হোৱা বুলি জানিব পৰা গৈছে।
প্ৰাথমিক তথ্য অনুসৰি, ঘন কুঁৱলীৰ বাবে পথৰ দৃশ্যমানতা যথেষ্ট হ্ৰাস পাইছিল। এনে পৰিস্থিতিতে দুয়োখন বাহনৰ মাজত প্ৰচণ্ড মুখামুখি সংঘৰ্ষ সংঘটিত হয়।
দুৰ্ঘটনাটোৰ সঠিক কাৰণ আৰু আহতসকলৰ শেহতীয়া স্বাস্থ্যৰ অৱস্থা সম্পৰ্কে এতিয়াও বিতং তথ্য জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত অধিক তথ্যৰ অপেক্ষা কৰা হৈছে।