গুৱাহাটী: কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে গৃহীত কৰা দুখন বিধেয়ক দীৰ্ঘদিন ধৰি ৰাজ্যপালৰ ওচৰত বিবেচনাধীন হৈ থকা ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যপালৰ সচিবলৈ জাননী জাৰি কৰিছে। দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে অহা শুনানিৰ পূৰ্বে এই সন্দৰ্ভত উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ কৌশিক গোস্বামীৰে গঠিত খণ্ড বিচাৰপীঠে বিষয়টোৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশনা প্ৰদান কৰে। আদালতত এই গোচৰটোৰ পৰৱৰ্তী শুনানিৰ তাৰিখ ২০২৭ চনৰ ২৫ জানুৱাৰী ধাৰ্য কৰা হৈছে।

আদালতত দাখিল কৰা আবেদনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ (নিৰ্বাচন পৰিচালনা বিধি) বিধেয়ক নং ১/২০১৯ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ (কাৰ্যপ্ৰণালী আৰু কাৰ্য পৰিচালনা বিধি) বিধেয়ক নং ১/২০২০ৰ কথা উল্লেখ কৰা হৈছে। আবেদনকাৰীৰ মতে, বিধেয়ক দুখন ক্ৰমে ২০১৯ আৰু ২০২০ চনত পৰিষদত গৃহীত হোৱাৰ পিছৰে পৰা ৰাজ্যপালৰ বিবেচনাধীন অৱস্থাত পৰি আছে। আবেদনকাৰী পক্ষই আদালতত যুক্তি দৰ্শায় যে বিধেয়ক দুখনত এতিয়ালৈকে ৰাজ্যপালে সন্মতি প্ৰদান কৰা নাই অথবা কোনো আপত্তিও উত্থাপন কৰা নাই। তদুপৰি বিধেয়ক দুখন ৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবে সংৰক্ষণ কৰি ৰখাও হোৱা নাই আৰু কোনো পৰামৰ্শসহ পুনৰ পৰিষদলৈ ওভোতাই পঠিওৱাও হোৱা নাই।

দীৰ্ঘদিন ধৰি কোনো সিদ্ধান্ত গ্ৰহণ নকৰাক লৈ আবেদনকাৰীয়ে আদালতৰ হস্তক্ষেপ বিচাৰিছিল। এই আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ ৰাজ্যপালৰ আয়ুক্ত তথা সচিবৰ পৰা লিখিত উত্তৰ তলব কৰিছে।