মৈৰাবাৰী, ২৬ নৱেম্বৰঃ বাল্য বিবাহ প্ৰতিৰোধ, শিশুৰ অধিকাৰ আৰু সুৰক্ষা নিশ্চিত কৰাৰ লগতে অবৈধ কাৰ্যকলাপ আৰু নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে মৈৰাবাৰীত এখন সজাগতা সভা অনুষ্ঠিত হয়। মৰিগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু মৈৰাবাৰী গাঁও পঞ্চায়তৰ সহযোগত পঞ্চায়ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এই সভাৰ আয়োজন কৰা হয়।

সভাত বাল্য বিবাহৰ কু-প্ৰভাৱ, শিশুৰ অধিকাৰ, শিশু সুৰক্ষাৰ বিভিন্ন দিশ আৰু নিচাযুক্ত দ্ৰব্য সেৱনৰ ভয়াৱহতাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়। সমাজত বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি প্ৰতিৰোধ কৰিবলৈ পৰিয়াল, অভিভাৱক আৰু স্থানীয় ৰাইজৰ ভূমিকা সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰা হয়। একেদৰে শিশুৰ সুৰক্ষা নিশ্চিত কৰা আৰু নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন ৰোধ কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ সহযোগিতাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰা হয়।

সভাত নিৰীক্ষক হিচাপে উপস্থিত থাকে জিলা শিশু সুৰক্ষা বিষয়া বৰ্ণালী ৰাজকুমাৰী। আনহাতে, অতিথি হিচাপে উপস্থিত থাকে অধিবক্তা নাজীমা নাৰ্জীয়া, মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চেলিম চৌধুৰী ওৰফে দিপু, থানা নাগৰিক কমিটীৰ অধ্যক্ষ নুৰুজ জামান আৰু মহিলা সমিতিৰ সভানেত্ৰী মিচিৰা বেগম।

ইয়াৰ উপৰি মৈৰাবাৰী গাঁও পঞ্চায়তৰ বিষয়ববীয়া, সদস্য-সদস্যাসকলৰ লগতে অঞ্চলটোৰ কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি আৰু স্থানীয় ৰাইজে সভাত অংশগ্ৰহণ কৰে। সভাত উপস্থিত ব্যক্তিসকলে সামাজিক সমস্যা প্ৰতিৰোধৰ বাবে কেৱল প্ৰশাসনিক ব্যৱস্থাই যথেষ্ট নহয়, জনসাধাৰণৰ সচেতনতা আৰু সক্ৰিয় সহযোগিতাও প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰে।

উল্লেখ্য যে, বাল্য বিবাহ প্ৰতিৰোধ, শিশু সুৰক্ষা আৰু নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সামাজিক প্ৰতিৰোধ গঢ়ি তোলাৰ ক্ষেত্ৰত মৈৰাবাৰী অঞ্চলত সজাগতা বৃদ্ধিৰ প্ৰয়োজনীয়তা আছে। এই বিষয়সমূহক কেন্দ্ৰ কৰি অঞ্চলটোত বিভিন্ন সময়ত উদ্বেগ প্ৰকাশ পাই আহিছে। এনে পৰিস্থিতিত ৰাইজৰ মাজত আইনগত অধিকাৰ, দায়িত্ব আৰু সামাজিক কৰ্তব্য সম্পৰ্কে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই সভাৰ আয়োজন কৰা হয়।