গুৱাহাটী: অহা ডিচেম্বৰ মাহত উত্তৰ-পূৰ্বাঞ্চলৰ সংগীতপ্ৰেমীসকলৰ বাবে আহিছে এক সুখবৰ। বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী মোহিত চৌহানে অসম আৰু মেঘালয়ত দুটাকৈ সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰিব। ইয়াৰ ভিতৰত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া সংগীতানুষ্ঠানটোৰ জৰিয়তে শিল্পীগৰাকীৰ ‘ৰকষ্টাৰ মেক্সিমাছ ট্যুৰ’ৰ বিশ্বজোৰা যাত্ৰা আৰম্ভ হ'ব। অহা ১২ ডিচেম্বৰত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত এই বৃহৎ সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব। শনিবাৰে বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ'বলগীয়া অনুষ্ঠানটোৰ বাবে ইতিমধ্যে আয়োজকসকলে প্ৰস্তুতি আৰম্ভ কৰিছে। 'এয়াৰ'ইষ্ট লাইভ' নামৰ সংস্থাটোৱে অনুষ্ঠানটোৰ প্ৰচাৰ আৰু ব্যৱস্থাপনাৰ দায়িত্ব লৈছে।

আয়োজকসকলে জনোৱা মতে, গুৱাহাটীৰ এই অনুষ্ঠানটোৱেই হ'ব ‘ৰকষ্টাৰ মেক্সিমাছ ট্যুৰ’ৰ বিশ্বজোৰা প্ৰথম প্ৰদৰ্শনী। এই কনচাৰ্টত মোহিত চৌহানে নিজৰ সংগীত জীৱনৰ বহুকেইটা জনপ্ৰিয় গীত পৰিৱেশন কৰাৰ সম্ভাৱনা আছে। অনুষ্ঠানটো উপভোগ কৰাৰ বাবে টিকটৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে নিম্নতম ১,৩৯৯ টকা। বুকমাইশ্ব'ৰ জৰিয়তে আগ্ৰহী সংগীতপ্ৰেমীসকলে টিকট ক্ৰয় কৰিব পাৰিব। গুৱাহাটীৰ অনুষ্ঠানৰ পূৰ্বে অহা ৪ ডিচেম্বৰত মেঘালয়ৰ পূব গাৰো পাহাৰ জিলাৰ ৰংগালগ্ৰেত অনুষ্ঠিত হ'বলগীয়া ‘মি•গং ফেষ্টিভেল’ত অংশগ্ৰহণ কৰিব কণ্ঠশিল্পীগৰাকীয়ে। ৪ আৰু ৫ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া এই দুদিনীয়া মহোৎসৱৰ পঞ্চম সংস্কৰণৰ প্ৰথম দিনটোত মোহিত চৌহানৰ লগতে তাবা চাকেই, শ্বালমালি খোলগাড়ে আৰু আওৰাই সংগীত পৰিৱেশন কৰিব।

মেঘালয় চৰকাৰৰ পৰ্যটন বিভাগ আৰু আয়োজকসকলৰ সহযোগত এই উৎসৱৰ আয়োজন কৰা হৈছে, যাৰ অন্যতম লক্ষ্য হৈছে গাৰো পাহাৰৰ ঐতিহ্য আৰু সংস্কৃতিৰ প্ৰচাৰ কৰা। একেটা মাহতে অসম আৰু মেঘালয়ত মোহিত চৌহানৰ এনে কাৰ্যসূচীক লৈ উত্তৰ-পূৰ্বাঞ্চলৰ সংগীতপ্ৰেমীসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে।