মুক্তিৰ পূৰ্বেই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ জগতত ব্যাপক চৰ্চা লাভ কৰিছে নীতেশ তিৱাৰীৰ পৰিচালনাত নিৰ্মিত ছবি ‘ৰামায়ণে’। ৯৯সংখ্যক একাডেমী বঁটা অৰ্থাৎ অস্কাৰৰ শ্ৰেষ্ঠ ভিজুৱেল ইফেক্টছ শাখাৰ পৰৱৰ্তী পৰ্যায়ৰ ভোটিঙৰ বাবে নিৰ্বাচিত ২০খন ছবিৰ তালিকাত স্থান পাইছে ৰণবীৰ কাপুৰ, ছাই পল্লৱী আৰু য়শ অভিনীত ছবিখনে। অস্কাৰৰ ভিজুৱেল ইফেক্টছ শাখাৰ পৰৱৰ্তী পৰ্যায়ৰ ভোটিঙৰ বাবে একাডেমীৰ সংশ্লিষ্ট শাখাই ২০খন ছবি নিৰ্বাচন কৰিছে। অৱশ্যে একাডেমীয়ে আনুষ্ঠানিকভাৱে এই শীৰ্ষ ২০খন ছবিৰ তালিকা ৰাজহুৱা কৰা নাই। নিৰ্বাচিত ছবিসমূহৰ প্ৰযোজকসকলক পৰৱৰ্তী পৰ্যায়লৈ অগ্ৰসৰ হোৱাৰ কথা ইতিমধ্যে অৱগত কৰা হৈছে আৰু প্ৰযোজকসকলৰ তৰফৰ পৰাও এই তথ্য নিশ্চিত কৰা হৈছে।

‘ৰামায়ণ’ৰ বাবে এই সাফল্য বিশেষভাৱে তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। কিয়নো শীৰ্ষ ২০খন ছবিৰ তালিকাত হলিউডৰ কেইবাখনো বৃহৎ বাজেটৰ ছবি অন্তৰ্ভুক্ত হৈ আছে। ইয়াৰ ভিতৰত আছে ক্ৰিষ্টোফাৰ নোলানৰ ‘দ্য অডিচী’, ডেনিছ ভিলেনুভৰ ‘ডুন: পাৰ্ট থ্ৰী’, ‘এভেঞ্জাৰ্ছ: ডুমছডে’, ‘স্পাইডাৰ-মেন: ব্ৰেণ্ড নিউ ডে’, ‘ছুপাৰগাৰ্ল’ আৰু ষ্টিভেন স্পীলবাৰ্গৰ ‘ডিছক্ল’জাৰ ডে’। তদুপৰি ‘প্ৰজেক্ট হেইল মেৰী’, ‘গডজিলা মাইনাছ জিৰো’ আৰু ‘ষ্টাৰ ৱাৰ্ছ: দ্য মেণ্ডালৰিয়ান এণ্ড গ্ৰগূ’ শীৰ্ষক ছবিকেইখনেও এই তালিকাত স্থান লাভ কৰিছে।

ইয়াৰ পূৰ্বে এছ এছ ৰাজামৌলীৰ ‘আৰ আৰ আৰ’ ছবিয়েও অস্কাৰৰ শ্ৰেষ্ঠ ভিজুৱেল ইফেক্টছ শাখাৰ শীৰ্ষ ২০খন ছবিৰ তালিকাত স্থান লাভ কৰিছিল। অৱশ্যে ছবিখনে এই শাখাত চূড়ান্ত মনোনয়ন লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। পিছে ছবিখনৰ ‘নাটু নাটু’ গীতটোৱে ৯৫সংখ্যক একাডেমী বঁটাত শ্ৰেষ্ঠ মৌলিক গীতৰ সন্মান লাভ কৰি ইতিহাস ৰচিছিল।

আনহাতে, ‘ৰামায়ণে’ ৩২সংখ্যক ক্ৰিটিক্স চয়েছ এৱাৰ্ডছৰ চমু তালিকাতো দুটা শাখাত স্থান লাভ কৰিছে। শ্ৰেষ্ঠ ভিজুৱেল ইফেক্টছ আৰু শ্ৰেষ্ঠ ষ্টাণ্ট ডিজাইন শাখাত ছবিখনে এই সাফল্য অৰ্জন কৰে।

৯৯সংখ্যক অস্কাৰৰ প্ৰাৰম্ভিক ভোটগ্ৰহণ ৭ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব। ১৫ ডিচেম্বৰত একাডেমীয়ে আনুষ্ঠানিকভাৱে চমু তালিকাখন প্ৰকাশ কৰিব। ইয়াৰ পিছত চূড়ান্ত মনোনয়নৰ তালিকা ২০২৭ চনৰ ২১ জানুৱাৰীত ঘোষণা কৰা হ'ব। এতিয়া ‘ৰামায়ণে’ শীৰ্ষ ২০ৰ পৰা অগ্ৰগতি লাভ কৰি চূড়ান্ত মনোনয়নত স্থান পাবলৈ সক্ষম হয়নে নহয়, তালৈকে সকলোৱে আগ্ৰহেৰে বাট চাইছে।