২৩ নৱেম্বৰ, ২০২৬
সোণোৱাল কছাৰী আৰু মিছিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে অহা ৩০ নৱেম্বৰত ৰাজ্যৰ ১১খন জিলাৰ নিৰ্বাচনী এলেকাত অসম চৰকাৰে বন্ধ ঘোষণা কৰিছে। অৱশ্যে এই বন্ধ সমগ্ৰ জিলাখনত নহয়, কেৱল নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া অধিসূচিত অঞ্চলসমূহতহে প্ৰযোজ্য হ'ব।
বন্ধ থাকিব সকলো চৰকাৰী/বেচৰকাৰী কার্যালয়, শিক্ষানুষ্ঠান আৰু বেংক, চাহ বাগিচা আদিৰ দৰে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ! অসম চৰকাৰে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ (SKAC) আৰু মিছিং স্বায়ত্তশাসিত পৰিষদ (MAC)-ৰ নিৰ্বাচন উপলক্ষে ৩০ নৱেম্বৰ, ২০২৬ (সোমবাৰ) তাৰিখে নিৰ্বাচনী এলেকাসমূহত ৰাজহুৱা বন্ধ ঘোষণা কৰিছে।
বিশ্বনাথ, চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ, শোণিতপুৰ আৰু তিনিচুকীয়া জিলাৰ অন্তৰ্গত নিৰ্বাচনী এলেকাসমূহতহে ১১ খন জিলাৰ অধিসূচিত অঞ্চলসমূহতহে প্ৰযোজ্য হ'ব এই বন্ধ।
এই নিৰ্দেশনা অনুসৰি সংশ্লিষ্ট অঞ্চলসমূহৰ সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, বেংক, চাহ বাগিচা তথা অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব। 'নেগোচিয়েবল ইনষ্ট্ৰুমেন্টছ এক্ট, ১৮৮১'-ৰ অধীনতো এই বন্ধ প্ৰযোজ্য হ'ব।
উল্লেখ্য যে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ৩২টা আৰু মিছিং স্বায়ত্তশাসিত পৰিষদৰ ৪০টা সমষ্টি মিলি মুঠ ৭২টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব।
নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি ৩০ নৱেম্বৰৰ সোমবাৰে পুৱা ৭:৩০ বজাৰ পৰা বিয়লি ৪:০০ বজালৈ ভোটগ্ৰহণ চলিব। ইয়াৰ পাছত অহা ৩ ডিচেম্বৰত নিৰ্বাচনৰ ভোটগণনা সম্পন্ন কৰা হ'ব।