নতুন দিল্লী, ২৬ নৱেম্বৰ: প্ৰতিবাদস্থলীত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকসকলৰ সুৰক্ষা আৰু কৰ্তব্য পালনৰ অধিকাৰ সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ আইনী প্ৰশ্নৰ পৰীক্ষা কৰিব উচ্চতম ন্যায়ালয়ে। স্বীকৃত সাংবাদিক আৰু স্বঘোষিত সাংবাদিকৰ মাজত আইনী সুৰক্ষাৰ ক্ষেত্ৰত কোনো পাৰ্থক্য থাকিব লাগে নেকি, সেই বিষয়টোও শীৰ্ষ আদালতে বিবেচনা কৰি চাব।
দিল্লীত প্ৰতিবাদৰ সংবাদ সংগ্ৰহৰ সময়ত সাতগৰাকী সাংবাদিকক আৰক্ষীয়ে প্ৰহাৰ, দুৰ্ব্যৱহাৰ আৰু বেআইনীভাৱে আটক কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই ঘটনাৰ তদন্তৰ বাবে সমগ্ৰ বিষয়টো উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰ সুবাষ ৰেড্ডীৰ নেতৃত্বত গঠিত এক উচ্চ পৰ্যায়ৰ তদন্ত সমিতিলৈ প্ৰেৰণ কৰা হৈছে।
ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনেৰে গঠিত বিচাৰপীঠে আবেদনকাৰীসকলক উক্ত সমিতিৰ সন্মুখত প্ৰাসংগিক তথ্য-প্ৰমাণ দাখিল কৰিবলৈ নিৰ্দেশ দিছে। সাংবাদিকসকল প্ৰতিবাদস্থলীত উপস্থিত আছিল নে নাই, আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে বল প্ৰয়োগ কৰিছিল নে নাই আৰু সেই বল প্ৰয়োগ প্ৰয়োজনতকৈ অধিক আছিল নেকি, এই সকলো দিশ সমিতিয়ে পৰীক্ষা কৰিব।
কেৰালা ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নেলিষ্টছ আৰু দিল্লী ইউনিয়ন অৱ জাৰ্নেলিষ্টছে এই সন্দৰ্ভত আদালতত আবেদন দাখিল কৰিছিল। ২০২৪ চনৰ ১০ আৰু ১১ অক্টোবৰত দিল্লীত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত হোৱা প্ৰতিবাদৰ সময়ত সাংবাদিকসকলৰ ওপৰত আৰক্ষীয়ে আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল।
আবেদনকাৰী সাংবাদিকসকলৰ হৈ জ্যেষ্ঠ অধিবক্তা পি ভি দিনেশে আদালতত যুক্তি দৰ্শায় যে আক্ৰান্ত সাতগৰাকী সাংবাদিক প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠানৰ সৈতে জড়িত আৰু তেওঁলোক সামাজিক মাধ্যমৰ বাবে ভিডিঅ’ বা ৰীল নিৰ্মাণ কৰা ব্যক্তি নহয়। সংবাদ সংগ্ৰহৰ সময়ত স্বীকৃত সংবাদ প্ৰতিষ্ঠানৰ কৰ্মীক আৰক্ষীয়ে এনেদৰে আটক কৰিব পাৰেনে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে।
আবেদনত উল্লেখ কৰা অনুসৰি, সাংবাদিকসকলক ঘটনাস্থলীৰ পৰা বলপূৰ্বক আঁতৰাই দিয়াৰ লগতে দৃশ্যগ্ৰহণত বাধা প্ৰদান কৰা হৈছিল। তদুপৰি এজন ফটোগ্ৰাফাৰৰ কেমেৰা কাঢ়ি লোৱাৰ চেষ্টা চলোৱা আৰু এগৰাকী মহিলা সাংবাদিকক পোনপটীয়া সম্প্ৰচাৰৰ সময়তে প্ৰহাৰ কৰাৰ অভিযোগো অনা হৈছে।
সাংবাদিকৰ চলাচলৰ স্বাধীনতা, পেছাগত কৰ্তব্য পালনৰ অধিকাৰ আৰু প্ৰতিবাদস্থলীৰ পৰা বলপূৰ্বক আঁতৰোৱাটো আইনীভাৱে আটক হিচাপে গণ্য হ’ব নে নহয়, সেই সকলো বিষয় শীৰ্ষ আদালতে খতিয়ান ল’ব। ইয়াৰ পূৰ্বে দিল্লী আৰক্ষীয়ে দাখিল কৰা শপতনামাত সামাজিক মাধ্যমৰ প্ৰভাৱশালী ব্যক্তি বা ৰীল নিৰ্মাতাক সাংবাদিকৰ সমতুল্য সুৰক্ষা দিয়াৰ বিৰোধিতা কৰিছিল।