নতুন দিল্লী, ২৬ নৱেম্বৰ: ককৰোচ জনতা পাৰ্টি চমুকৈ চিজেপিৰ সহ-আহ্বায়ক সৌৰভ দাসৰ বিদেশ যাত্ৰাত বাধা প্ৰদানৰ ঘটনাক লৈ পোহৰলৈ আহিছে নতুন তথ্য। মুম্বাই আৰক্ষীয়ে দাসৰ বিৰুদ্ধে লুক আউট চাৰ্কুলাৰ জাৰি কৰাৰ বাবেই তেওঁক যাত্ৰাত বাধা দিয়া হৈছিল বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দিল্লী উচ্চ ন্যায়ালয়ক অৱগত কৰিছে। যোৱা ২৩ নৱেম্বৰৰ নিশা দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা লণ্ডনলৈ যাবলৈ ওলোৱাৰ সময়তে অভিবাসন বিভাগে দাসক বাধা প্ৰদান কৰে। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংগঠন অক্সফৰ্ড ইউনিয়নৰ আমন্ত্ৰণ ক্ৰমে এক আলোচনাত অংশগ্ৰহণ কৰিবলৈ তেওঁ লণ্ডন অভিমুখে ৰাওনা হৈছিল। কিন্তু পাছপ’ৰ্টৰ তথ্যত বিসংগতি থকাৰ কথা উল্লেখ কৰি বিমানবন্দৰৰ কৰ্তৃপক্ষই তেওঁক বিমানত উঠিবলৈ দিয়া নাছিল। বিমান উৰণৰ মাত্ৰ পাঁচ ঘণ্টা পূৰ্বে পাছপ’ৰ্ট সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছিল বুলি অভিযোগ উত্থাপন কৰিছে চিজেপি নেতাগৰাকীয়ে। জন্মস্থানৰ তথ্যত বিসংগতি থকা বুলি জাননীত কোৱা হৈছিল যদিও এই সমগ্ৰ পদক্ষেপ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি দাসে দাবী কৰে।

ইফালে, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, আইন-শৃংখলা সম্পৰ্কীয় সংস্থাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ২৩ নৱেম্বৰতে চেন্নাইৰ আঞ্চলিক পাছপ’ৰ্ট কাৰ্যালয়ে দাসলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল। সাত দিনৰ ভিতৰত উত্তৰ নিদিয়ালৈকে পাছপ’ৰ্ট ব্যৱহাৰ নকৰিবলৈ তেওঁক নিৰ্দেশ দিয়া হৈছিল আৰু উত্তৰ নিদিলে পাছপ’ৰ্ট জব্দ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব পাৰে বুলিও জাননীখনত সতৰ্ক কৰি দিয়া হৈছিল।

বিদেশ যাত্ৰাত বাধা পোৱাৰ পাছত সৌৰভ দাসে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে। আদালতত দাসৰ অধিবক্তাই যুক্তি দিয়ে যে বিমানবন্দৰত বাধা দিয়াৰ সময়ত কোনো লিখিত নিৰ্দেশ প্ৰদৰ্শন কৰা হোৱা নাছিল। ইয়াৰ বিপৰীতে গৃহ মন্ত্ৰালয়ে আদালতক জনায় যে মুম্বাই আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে লুক আউট চাৰ্কুলাৰ জাৰি কৰি থৈছে। ন্যায়ালয়ে চৰকাৰৰ বক্তব্য গ্ৰহণ কৰি পৰৱৰ্তী শুনানিৰ বাবে দিন ধাৰ্য কৰে।

সৌৰভ দাসে জনোৱা মতে, এই ভ্ৰমণকালত অক্সফৰ্ডৰ উপৰিও কেমব্ৰিজ বিশ্ববিদ্যালয়, লণ্ডন স্কুল অৱ ইক’নমিক্স আৰু এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ অনুষ্ঠানতো তেওঁ অংশ লোৱাৰ কথা আছিল। তাত ভাৰতৰ ককৰোচ আন্দোলন আৰু অহিংস প্ৰতিবাদ সন্দৰ্ভত বক্তব্য ৰখাৰ পৰিকল্পনা আছিল নেতাগৰাকীৰ। বৰ্তমান এই সমগ্ৰ বিষয়টো আদালতৰ বিবেচনাধীন হৈ আছে।