নতুন দিল্লী: পাছপ’ৰ্টৰ আবেদনত তথ্য লুকুওৱা তথা বিসংগতিৰ অভিযোগত সৌৰভ দাস নামৰ লোকজনক চেন্নাইৰ আঞ্চলিক পাছপ’ৰ্ট কাৰ্যালয়ে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই কথা স্পষ্ট কৰিছে।

মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়া মতে, পাছপ’ৰ্টৰ আবেদন প্ৰক্ৰিয়াত আবেদনকাৰীয়ে সঠিক আৰু নিৰ্ভুল তথ্য প্ৰদান কৰাটো বাধ্যতামূলক। কোনো পৰ্যায়ত যদি প্ৰশাসনে তথ্য লুকুওৱা বা কোনো অসঙ্গতি ধৰা পেলায়, তেন্তে আবেদনকাৰীক নিজৰ পক্ষ দাঙি ধৰাৰ সুযোগ দি কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হয়।

আইন প্ৰয়োগকাৰী সংস্থাৰ প্ৰতিবেদনৰ ভিত্তিত চেন্নাইৰ আঞ্চলিক পাছপ’ৰ্ট কাৰ্যালয়ে ২০২৬ চনৰ ২৩ নৱেম্বৰত সৌৰভ দাসলৈ এই জাননী প্ৰেৰণ কৰিছিল। উক্ত জাননীত তেওঁৰ জন্মস্থান সন্দৰ্ভত সাত দিনৰ ভিতৰত স্পষ্টীকৰণ দিবলৈ নিৰ্দেশ দিয়া হৈছে।

ইয়াৰ উপৰি নিজৰ উত্তৰ দাখিল নকৰালৈকে সংশ্লিষ্ট পাছপ’ৰ্টখন ব্যৱহাৰ নকৰিবলৈও দাসক পৰামৰ্শ দিয়া হৈছে বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে কয়,

"যেতিয়া কোনো ব্যক্তিয়ে পাছপ’ৰ্টৰ বাবে আবেদন কৰে আৰু পত্ৰ পূৰণ কৰে, তেতিয়া সঠিক তথ্য প্ৰদান কৰাটো নিয়ম। কৰ্তৃপক্ষই যদি কোনো বিসংগতি বা ত্ৰুটি ধৰা পেলায়, তেন্তে নিৰ্ধাৰিত নিয়ম অনুসৰি আবেদনকাৰী অথবা পাছপ’ৰ্টধাৰীগৰাকীক কাৰণ দৰ্শোৱাৰ জাননী দিয়া হয়। মূল আবেদনত দিয়া তথ্যৰ সৈতে ওলোৱা অমিলৰ সন্দৰ্ভত ব্যক্তিগৰাকীৰ পৰা ব্যাখ্যা বিচৰাটোৱেই ইয়াৰ নিয়ম।"