উত্তৰ প্ৰদেশৰ ২০২৭ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আসন ভাগ-বতৰাক লৈ সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছৰ মাজত আলোচনা অব্যাহত আছে। এই আলোচনাৰ অংশ হিচাপে সমাজবাদী পাৰ্টিয়ে কংগ্ৰেছক ২৬খন বিধানসভা সমষ্টি এৰি দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে। বিপৰীতে কংগ্ৰেছে ১৩১খন আসন দাবী কৰিছে বুলি জানিব পৰা গৈছে।
সমাজবাদী পাৰ্টিয়ে আগবঢ়োৱা ২৬খন আসনৰ তালিকাত ২০২২ চনৰ নিৰ্বাচনত কংগ্ৰেছে জয়লাভ কৰা দুখন সমষ্টি আৰু দ্বিতীয় স্থানত থকা চাৰিখন সমষ্টি অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰি আন ২০খন সমষ্টিও এই প্ৰস্তাৱত ৰখা হৈছে।
প্ৰস্তাৱিত সমষ্টিসমূহৰ ভিতৰত বাগপত, মোদীনগৰ, হাপুৰ, জেৱৰ, ছিয়ানা, খুৰ্জা, খৈৰ, ইগলাছ, মাণ্ট, আগ্ৰা উত্তৰ, ফতেহপুৰ ছিক্ৰী, বিলগ্ৰাম-মল্লাৱাঁ, গোবিন্দ নগৰ, নানপাৰা, গোৰখপুৰ নগৰ, খজনী, পাডৰৌনা, ফাজিলনগৰ, পিণ্ডৰা আৰু বাৰাণসী কেণ্ট উল্লেখযোগ্য।
প্ৰথম অৱস্থাত কংগ্ৰেছে ১৮১খন আসনৰ এখন তালিকা সমাজবাদী পাৰ্টিক দিছিল। কিন্তু পূৰ্বৰ নিৰ্বাচনসমূহৰ ফলাফলৰ প্ৰতি লক্ষ্য ৰাখি ইমান বৃহৎ সংখ্যক আসন এৰি দিয়াৰ ক্ষেত্ৰত সমাজবাদী পাৰ্টিয়ে আপত্তি প্ৰকাশ কৰিছে। সেয়ে কংগ্ৰেছে দাবী কৰা আসনসমূহত দলটোৰ জয়ৰ সম্ভাৱনা আৰু সম্ভাৱ্য প্ৰাৰ্থীৰ বিষয়ে তথ্য বিচাৰিছে সমাজবাদী পাৰ্টিয়ে।
আসন ভাগ-বতৰাৰ আলোচনাৰ বাবে সমাজবাদী পাৰ্টিয়ে এখন বিশেষ সমিতি গঠন কৰিছে। এই সমিতিত ফৈজাবাদৰ সাংসদ অৱধেশ প্ৰসাদৰ লগতে ৰামগোপাল যাদৱ, ইকৰা চৌধুৰী, ৰাজীৱ ৰায় আৰু দলৰ ৰাজ্যিক সভাপতি শ্যামলাল পাল আছে।
কংগ্ৰেছৰ হৈ আলোচনাত অংশ ল'বলৈ উত্তৰ প্ৰদেশৰ এআইচিচি প্ৰভাৰী ৰাজেন্দ্ৰ পাল গৌতম, ৰাজ্যিক সভাপতি আৰাধনা মিশ্ৰ, কাৰ্যকৰী সভাপতি ইমৰান মাছুদ আৰু বিধায়ক বীৰেন্দ্ৰ চৌধুৰীক দায়িত্ব দিয়া হৈছে।
২০২২ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ৩৯৯খন সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰি মাত্ৰ দুখনত জয়ী হৈছিল। আনহাতে সমাজবাদী পাৰ্টিয়ে ১১১খন আসন লাভ কৰিছিল। ইয়াৰ পূৰ্বে ২০১৭ চনৰ নিৰ্বাচনত দুয়োটা দলে মিত্ৰজোঁট গঠন কৰি প্ৰতিদ্বন্দ্বিতা কৰোঁতে সমাজবাদী পাৰ্টিয়ে ৫৪খন আৰু কংগ্ৰেছে সাতখন আসন লাভ কৰিছিল। ২০২৭ চনৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়াও দুয়োটা দলৰ মাজত চূড়ান্ত সিদ্ধান্তত উপনীত হোৱা নাই।