লক্ষ্ণৌ, ২৬ নৱেম্বৰ: উত্তৰ প্ৰদেশত ২০২৭ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছৰ মাজত আসন ভাগ-বতৰাৰ আলোচনা চলি থকাৰ মাজতে দলৰ সাংসদ ইমৰান মাছুদক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই। কথাতকৈ কামত অধিক গুৰুত্ব দিবলৈ আহ্বান জনাই খাৰ্গেই কয় যে দলৰ সকলো নেতাই একেলগে কাম কৰিলেহে দলৰ অগ্ৰগতি সম্ভৱ হ'ব।
বৃহস্পতিবাৰে লক্ষ্ণৌত কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত ‘সংবিধান ৰক্ষা সন্মিলন’ত ভাষণ দি কংগ্ৰেছ সভাপতিগৰাকীয়ে কয় যে টেলিভিছনত তেওঁ প্ৰায়ে সাংসদ ইমৰান মাছুদক আবেগিকভাৱে দলৰ হৈ কথা কোৱা শুনে। কিন্তু কেৱল কথা কোৱাতকৈ কামৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত। অৱশ্যে সংসদত মাছুদে নিয়মীয়াকৈ কংগ্ৰেছৰ পক্ষত মাত মাতি আহিছে আৰু দলৰ স্থিতি দাঙি ধৰিবলৈ চেষ্টা চলাইছে বুলিও তেওঁ উল্লেখ কৰে।
খাৰ্গেৰ এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ ইমৰান মাছুদে। তেওঁ কয় যে কংগ্ৰেছ সভাপতিগৰাকীৰ মন্তব্যত অহংকাৰৰ বিৰুদ্ধে এক স্পষ্ট বাৰ্তা নিহিত হৈ আছে। দেশৰ এগৰাকী জ্যেষ্ঠ নেতা তথা দলৰ সভাপতি হিচাপে খাৰ্গেৰ বক্তব্য সকলোৱে গুৰুত্বসহকাৰে গ্ৰহণ কৰা উচিত বুলিও মাছুদে মন্তব্য কৰে।
উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছৰ মাজত আসন ভাগ-বতৰাৰ আলোচনা চলি থকাৰ সময়তে সমাজবাদী পাৰ্টীয়ে দিয়া ২৬খন আসনৰ প্ৰস্তাৱক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল মাছুদে। তেওঁৰ মতে, কংগ্ৰেছক মাত্ৰ ২৬খন আসন দিয়াৰ প্ৰস্তাৱ কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু কংগ্ৰেছ কাৰো ওচৰত ভিক্ষা বিচৰা দল নহয়।
ইয়াৰ পূৰ্বে কংগ্ৰেছৰ সৈতে আসন ভাগ-বতৰাৰ আলোচনা চলি থকাৰ মাজতে সমাজবাদী পাৰ্টীয়ে বিধানসভা নিৰ্বাচনৰ বাবে পাঁচগৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল। এই পদক্ষেপক লৈও আপত্তি দৰ্শাইছিল মাছুদে। কংগ্ৰেছৰ সৈতে বুজাবুজি চলি থকাৰ সময়তে সমাজবাদী পাৰ্টীয়ে নিজাববীয়াকৈ প্ৰাৰ্থী ঘোষণা কৰি মিত্ৰতাৰ আন্তৰিকতাক লৈ প্ৰশ্ন তুলিছে বুলি তেওঁ অভিযোগ কৰে।
কংগ্ৰেছে উত্তৰ প্ৰদেশত ৬০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনাক লৈও মাছুদে প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁৰ মতে, দলটোক সাংগঠনিকভাৱে শক্তিশালী কৰা আৰু নিজস্ব ৰাজনৈতিক উপস্থিতি গঢ়ি তোলাটোৱেই এতিয়া মূল লক্ষ্য হোৱা উচিত। দুয়োটা দলৰ মাজত আসন ভাগ-বতৰাৰ সন্দৰ্ভত এতিয়ালৈকে কোনো চূড়ান্ত বুজাবুজি হোৱা নাই।