বজালী, ২৬ নৱেম্বৰ: বজালী জিলাৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এগৰাকী শিক্ষয়িত্ৰীয়ে মানসিক নিৰ্যাতনৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। বিদ্যালয়খনৰ শৈক্ষিক দায়িত্বত থকা শিক্ষয়িত্ৰীগৰাকীয়ে তেওঁৰ পদমৰ্যাদা খৰ্ব কৰাৰ লগতে দায়িত্বৰ পৰা আঁতৰোৱাৰ চেষ্টা চলোৱা হৈছে বুলিও অভিযোগ তোলে। বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ জৰুৰী হস্তক্ষেপ বিচাৰি আবেদন জনাইছে ভুক্তভোগী শিক্ষয়িত্ৰীগৰাকীয়ে।
অভিযোগ দাখিল কৰা শিক্ষয়িত্ৰীগৰাকী হৈছে মাজগাঁও এইচ জে এণ্ড নৱশক্তি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ড০ কিংকিণী দাস। বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ ওচৰত দাখিল কৰা এক লিখিত অভিযোগত তেওঁ কৰ্মজীৱনত সন্মুখীন হোৱা বিভিন্ন অসুবিধা আৰু মানসিক হেঁচাৰ বিশদ বিৱৰণ দাঙি ধৰে।
অভিযোগ অনুসৰি, শেহতীয়াকৈ বিদ্যালয়খনত বিদ্যালয় পৰিচালনা সমিতি (এছএমচি) গঠনৰ উদ্দেশ্যে এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছিল। সেই সভাখন সন্দৰ্ভত সকলো অভিভাৱকক আগতীয়াকৈ অৱগত নকৰাৰ অভিযোগ তুলি একাংশ লোকে শিক্ষয়িত্ৰীগৰাকীৰ সৈতে তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হয়। এই ঘটনাক কেন্দ্ৰ কৰি বিদ্যালয় চৌহদতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি অভিযোগত উল্লেখ কৰা হৈছে।
শিক্ষয়িত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে শৈক্ষিক দায়িত্বত থকাৰ সময়ছোৱাত শিক্ষক, কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলৰ বাবে এটা সুস্থ শৈক্ষিক পৰিৱেশ বজাই ৰাখিবলৈ তেওঁ অহোপুৰুষাৰ্থ কৰি আহিছে। কিন্তু একাংশ ব্যক্তিৰ নেতিবাচক আচৰণে তেওঁৰ কৰ্তব্য পালনত বাধাৰ সৃষ্টি কৰিছে।
স্থানীয় একাংশ সামাজিক সংগঠনৰ সৈতে সম্পৰ্ক থকা কিছু লোকে তেওঁক শৈক্ষিক দায়িত্বৰ পৰা আঁতৰোৱাৰ চেষ্টা চলাইছে বুলিও তেওঁ অভিযোগ কৰে। সংখ্যালঘু অধ্যুষিত অঞ্চলত কৰ্মৰত হোৱাৰ বাবেই তেওঁক এনেদৰে হাৰাশাস্তি কৰা হৈছে বুলি ড০ দাসে উল্লেখ কৰে।
নিজৰ ব্যক্তিগত সুৰক্ষাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি শিক্ষয়িত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে। বিশেষকৈ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে বিষয়টোত হস্তক্ষেপ কৰি প্ৰয়োজনীয় নিৰাপত্তা আৰু সুৰক্ষা প্ৰদান কৰিবলৈ তেওঁ আহ্বান জনায়।
এই সকলো অভিযোগ শিক্ষয়িত্ৰীগৰাকীয়ে বিদ্যালয় পৰিদৰ্শকৰ ওচৰত দাখিল কৰা আবেদনৰ ভিত্তিত পোহৰলৈ আহিছে। আনহাতে বিদ্যালয় কৰ্তৃপক্ষ অথবা অভিযোগত উল্লেখ থকা লোকসকলৰ কোনো প্ৰতিক্ৰিয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।