গুৱাহাটী: প্ৰতিবছৰে শৰৎকালত চাইবেৰিয়া আৰু উত্তৰ চীনৰ পৰা দক্ষিণ আফ্ৰিকালৈ যোৱাৰ পথত জিৰণি ল'বলৈ অসমলৈ অহা ১ লাখৰো অধিক পৰিভ্ৰমী আমুৰ ফেলকনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই শেনচৰাইসমূহৰ আশ্ৰয়স্থলীৰ আশে-পাশে অননুমোদিত ড্ৰোণ উৰণত চৰকাৰে সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছে।

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) তথা মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন ড° বিনয় গুপ্তাই জাৰি কৰা ৩২৩ নং কাৰ্যালয় আদেশযোগে পক্ষীসমূহৰ বিচৰণ আৰু জিৰণি লোৱা অঞ্চলসমূহত মনোৰঞ্জনমূলক, বাণিজ্যিক আৰু অপ্ৰয়োজনীয় ড্ৰোণ উৰণ, এৰিয়েল ফটোগ্ৰাফী তথা ভিডিঅ'গ্ৰাফী নিষিদ্ধ কৰা হৈছে। এই নিৰ্দেশনাত বিশেষকৈ ডিমা হাছাও জিলাৰ উমৰাংছু আৰু মৰিগাঁও জিলাৰ ধৰমতুলক গুৰুত্বপূৰ্ণ আশ্ৰয়স্থলী হিচাপে চিহ্নিত কৰা হৈছে।

জাৰি কৰা নিৰ্দেশনা অনুসৰি সংমণ্ডল বন বিষয়াসকলক এই সংবেদনশীল অঞ্চলসমূহৰ সীমা নিৰ্ধাৰণৰ দায়িত্ব দিয়া হৈছে। নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে বন বিভাগে স্থানীয় আৰক্ষী আৰু জিলা প্ৰশাসনৰ সৈতে মিলি নিয়মীয়া তহল দিব। প্ৰয়োজন সাপেক্ষে এই অঞ্চলসমূহক অস্থায়ী 'ন' ড্ৰোণ জ'ন' হিচাপে ঘোষণা কৰাৰ ক্ষমতাও প্ৰশাসনক প্ৰদান কৰা হৈছে। চৰাইবোৰে নৱেম্বৰৰ শেষভাগত আৰব সাগৰৰ ওপৰেৰে যাত্ৰা আৰম্ভ নকৰালৈকে এই নিষেধাজ্ঞা বাহাল থাকিব।

জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ সংস্থা 'আৰণ্যক'-ৰ উদ্বেগৰ পিছতে চৰকাৰে এই নিৰ্দেশনা জাৰি কৰে। সংস্থাটোৰ মতে, দীঘলীয়া যাত্ৰাৰ অন্তত অসম পোৱাৰ সময়ত চৰাইবোৰ অত্যন্ত দুৰ্বল হৈ পৰে আৰু পৰৱৰ্তী যাত্ৰাৰ বাবে পোক-পতংগ খাই শক্তি সঞ্চয় কৰিবলগীয়া হয়। কিন্তু কম উচ্চতাত ড্ৰোণ উৰুৱালে চৰাইবোৰে চিকাৰী প্ৰাণী বুলি ভাবি আতংকিত হৈ পৰে, যাৰ ফলত সঞ্চিত শক্তি নষ্ট হয় আৰু জিৰণিত ব্যাঘাত ঘটে। তদুপৰি ঘন জাকৰ মাজত ড্ৰোণৰ পাংখাৰ আঘাতত চৰাইৰ ডেউকা ভগা বা মৃত্যু হোৱাৰো আশংকা থাকে।

চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাই আৰণ্যকৰ সাংগঠনিক সম্পাদক উদয়ন বৰঠাকুৰে কয় যে বন্যপ্ৰাণী ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফী কেতিয়াও প্ৰাণীসমূহৰ নিৰাপত্তাৰ বিনিময়ত হ'ব নালাগে। কোনো ছ'চিয়েল মিডিয়া কণ্টেণ্ট এই বিৰল পৰিভ্ৰমী চৰাইবোৰক বিপদত পেলোৱাতকৈ অধিক মূল্যৱান নহয় বুলিও তেওঁ মন্তব্য কৰে।