তিনিচুকীয়া: ২০২০ চনৰ মে' মাহৰ ভয়ংকৰ বাঘজান তৈলখাদ বিস্ফোৰণৰ ছয় বছৰৰ পিছত এতিয়া লাহে লাহে প্ৰাণ পাই উঠিছে উজনি অসমৰ ঐতিহ্যমণ্ডিত মাগুৰী-মটাপুং বিল। শেহতীয়াকৈ ২০২৬ চনত প্ৰকাশিত দুখন পৃথক গৱেষণা পত্ৰত জলাশয়টোৰ প্ৰাকৃতিক পৰিৱেশ স্বাভাৱিক হৈ অহাৰ লগতে পৰিৱেশ পৰ্যটনে স্থানীয় ৰাইজলৈ আশাৰ বতৰা কঢ়িয়াই অনাৰ তথ্য পোহৰলৈ আহিছে।

শিলচৰ অসম বিশ্ববিদ্যালয়ৰ গৱেষক কৃত্তিকা গগৈ আৰু পাৰ্থংকৰ চৌধুৰীয়ে চলোৱা এক অধ্যয়নত বিলখন আৰু ইয়াৰ আশে-পাশে থকা ঘাঁহনি, ধাননি পথাৰ তথা বাঘজান অঞ্চলত ২৬ বিধ বিভিন্ন প্ৰজাতিৰ চৰাই নথিভুক্ত কৰা হৈছে। ২০২২ চনৰ জুন মাহ অৰ্থাৎ বাৰিষা কালত চলোৱা এই সমীক্ষাত ঘাইকৈ শৰালি, ডাউক, কণীবগলী, ফেঁচুলিকা, দহিকতৰা আৰু হেটুলুকাৰ দৰে স্থানীয় চৰাই প্ৰত্যক্ষ কৰা হৈছিল। শীতকালত সমগ্ৰ জলাশয়টোলৈ প্ৰায় ৫০০ প্ৰজাতিৰ দেশী-বিদেশী চৰাইৰ আগমন ঘটে বুলি গৱেষকসকলে উল্লেখ কৰে।

মাগুৰী-মটাপুং গাঁৱৰ ১৫০টা পৰিয়ালৰ ওপৰত চলোৱা আন এক সামাজিক-অৰ্থনৈতিক সমীক্ষাত দেখা গৈছে যে পৰিৱেশ পৰ্যটনে স্থানীয় অৰ্থনীতিত বিশেষ প্ৰভাৱ পেলাইছে। বাঘজান, বৰেকুৰী, পুৰণি মটাপুং আৰু নতুন মটাপুং গাঁৱত বসবাস কৰা মৰাণ, মটক, কোচ, আহোম আৰু চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীসকলে নাও চলোৱা, হোমষ্টে', পথপ্ৰদৰ্শক আৰু সৰু সৰু খাদ্য বিপণিৰ জৰিয়তে জীৱিকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

অৱশ্যে বিলখন পুনৰ সুস্থিৰ দিশে অগ্ৰসৰ হ'লেও এতিয়াও কিছুমান প্ৰত্যাহ্বান আঁতৰা নাই বুলি গৱেষকসকলে সতৰ্ক কৰি দিছে। অবৈধভাৱে মিহি জাল আৰু ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি মাছ মৰা, তৈল নিষ্কাশনৰ পৰা নিৰ্গত আৱৰ্জনা, নলা-নৰ্দমাৰ অপৰিকল্পিত পানী, বিলৰ পাৰত হোৱা নিৰ্মাণকাৰ্যৰ লগতে প্ৰাকৃতিকভাৱে হোৱা খহনীয়া, পলস পৰা সমস্যা আৰু পানীমেটেকাৰ দ্ৰুত বিস্তাৰে বিলখনৰ স্বাভাৱিক পৰিৱেশ বিনষ্ট কৰিব পাৰে।

বিশেষজ্ঞসকলৰ মতে, স্থানীয় ৰাইজ, প্ৰকৃতিপ্ৰেমী সংগঠন আৰু প্ৰশাসনে যৌথভাৱে উদ্যোগ লৈ অবৈধ মাছ মৰা আৰু প্ৰদূষণ ৰোধ কৰিব পাৰিলে মাগুৰী-মটাপুং বিলখন ভৱিষ্যতেও পক্ষীকুলৰ এক সুৰক্ষিত বাসস্থান আৰু অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নৰ মূল উৎস হৈ ৰ'ব।