বৰপেটাৰোড: বৰপেটাৰোডৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ হটাপাৰাত এক চাঞ্চল্যকৰ আৰু লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। মটৰচাইকেলত অহা দুই দুৰ্বৃত্তই এগৰাকী যুৱতীক চোকা অস্ত্ৰৰে ডিঙি আৰু মুখমণ্ডলত ঘপিয়াই হত্যা কৰে।
নিহত যুৱতীগৰাকীৰ নাম ৰেজিয়া খাতুন (২৮) বুলি চিনাক্ত কৰা হৈছে। যুৱতীগৰাকীৰ বিবাহিত ঘৰ বৰপেটা থানাৰ অন্তৰ্গত বৰবালাত বুলি জানিব পৰা গৈছে।
ঘটনাৰ সময়ত যুৱতীগৰাকীৰ লগত আন এগৰাকী যুৱতীও উপস্থিত আছিল। তেওঁৰ নাম নাৰ্গিছ পাৰবিন আৰু তেওঁৰ ঘৰ জনীয়াত।
জানিব পৰা মতে, মৃত ৰেজিয়া খাতুনৰ স্বামীৰ সৈতে পাৰিবাৰিক সংঘাত চলি আছিল। হত্যাকাণ্ড সংঘটিত কৰাৰ পাছতেই দুয়ো দুৰ্বৃত্তই ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
ঘটনাৰ খবৰ পাই শিমলাগুৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।