দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তত অবৈধ নিৰ্মাণকাৰ্যৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে। অসমৰ ভূমিত মেঘালয়ে অবৈধভাৱে বিদ্যালয় গৃহ নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে জালুকপাহাম নতুনবস্তিত প্ৰশাসনে এক উচ্ছেদ অভিযান চলায়।
পলাশবাৰীৰ ৰাজহ চক্ৰ বিষয়া ড০ অংকিতা শৰ্মাৰ নেতৃত্বত প্ৰশাসনৰ এটা দলে বুলড'জাৰ লৈ দুৰ্গম পাহাৰীয়া অঞ্চলটোত উপস্থিত হয়। উক্ত অভিযানত নিৰ্মাণাধীন বিদ্যালয়খন ভাঙি পেলোৱা হয়। দিনৰ ভাগৰ পৰা আৰম্ভ হোৱা এই অভিযান নিশালৈকে অব্যাহত থাকে।

পলাশবাৰী, ছয়গাঁও আৰু বকো ৰাজহ চক্ৰৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৱৰ্তী অৰ্ধশতাধিক গাঁৱত দীৰ্ঘদিন ধৰি ভূমি বেদখলৰ অভিযোগ উত্থাপন হৈ আহিছে। স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি, অসমৰ ভূমিত বিভিন্ন ধৰণৰ নিৰ্মাণকাৰ্য চলাই মেঘালয়ে নিজৰ আধিপত্য বিস্তাৰৰ চেষ্টা চলাইছে।
সীমান্ত অঞ্চলত ভূমি সুৰক্ষাৰ ক্ষেত্ৰত বন বিভাগ আৰু আৰক্ষীৰ ভূমিকা সন্দৰ্ভতো স্থানীয়ভাৱে প্ৰশ্ন উত্থাপন হৈছে। সংশ্লিষ্ট বিভাগসমূহৰ পৰ্যাপ্ত তৎপৰতা নথকাৰ বাবেই এনে বেদখলৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে।
সীমান্তৰ স্পৰ্শকাতৰ অঞ্চলটোত চলোৱা এই উচ্ছেদ অভিযানে দক্ষিণ কামৰূপত ব্যাপক চৰ্চা লাভ কৰিছে। অৱশ্যে ভূমিৰ মালিকানা আৰু বেদখলৰ অভিযোগৰ স্পষ্টতাৰ বাবে চৰকাৰী নথি-পত্ৰ আৰু প্ৰশাসনিক তদন্তৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰা হৈছে।