গুৱাহাটী, ২৭ নৱেম্বৰ: ৰাজ্যৰ উদ্যোগ, নগৰ উন্নয়ন, বন সংৰক্ষণ আৰু আভ্যন্তৰীণ জল পৰিবহণ খণ্ডক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেটে। নতুন দিল্লীত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত এক সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তসমূহৰ বিষয়ে আনুষ্ঠানিকভাৱে সদৰী কৰে। কেবিনেটৰ সিদ্ধান্ত মৰ্মে, তিনিচুকীয়াৰ গেলাপুখুৰী উদ্যোগিক পামত চাহ উদ্যোগ স্থাপনৰ বাবে ১৫২ কোটি টকাৰ অনুমোদন জনোৱা হৈছে। এই প্ৰকল্পৰ জৰিয়তে অঞ্চলটোৰ চাহ উদ্যোগৰ লগতে ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰতো নতুন সম্ভাৱনা সৃষ্টি হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে।
ইয়াৰ উপৰি কাছাৰ জিলাত গোদৰেজ কোম্পানীয়ে এক নতুন উদ্যোগ স্থাপন কৰিব। এই প্ৰকল্পত প্ৰতিষ্ঠানটোৱে ১০১ কোটি টকা বিনিয়োগ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জনায়। ফলত বৰাক উপত্যকাত ঔদ্যোগিক বিনিয়োগৰ নতুন পথ মুকলি হ'ব বুলি আশা কৰা হৈছে।
বন সংৰক্ষণৰ দিশতো কেবিনেটে কেতবোৰ পদক্ষেপ হাতত লৈছে। বুঢ়াচাপৰি আৰু নখুঁটি অঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে গঢ়ি তোলাৰ প্ৰস্তাৱত কেবিনেটে অনুমোদন জনায়। এই পদক্ষেপে সংশ্লিষ্ট অঞ্চলসমূহৰ বনাঞ্চল আৰু জৈৱ-বৈচিত্ৰ্য সুৰক্ষাৰ ব্যৱস্থা অধিক শক্তিশালী কৰি তুলিব।
নগৰ উন্নয়ন আৰু প্ৰশাসন অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে দলগাঁও আৰু তিতাবৰত নতুন পৌৰসভা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই নতুন পৌৰসভাসমূহৰ জৰিয়তে দুয়োটা অঞ্চলৰ নাগৰিক সেৱা আৰু আন্তঃগাঁথনিৰ উন্নয়ন ক্ষিপ্ৰতৰ হ'ব।
আনহাতে, ডিব্ৰুগড়ৰ বগীবিলত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এটা টাৰ্মিনেল স্থাপনৰ সিদ্ধান্ততো সন্মতি জনোৱা হৈছে। ব্ৰহ্মপুত্ৰৰ জলপথৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে এই সিদ্ধান্তক বিশেষ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে, যাৰ দ্বাৰা ভৱিষ্যতে যাত্ৰী আৰু সামগ্ৰী পৰিবহণ অধিক সুচল হৈ উঠিব।