কোকৰাঝাৰ, ২৭ নৱেম্বৰ: ২০২৭ চনৰ জানুৱাৰী মাহৰ পৰা কোকৰাঝাৰ চহৰক হৰ্ণমুক্ত চহৰ হিচাপে ঘোষণা কৰা হ'ব। শুকুৰবাৰে জিলা প্ৰশাসনে আয়োজন কৰা এক পথ সুৰক্ষা সজাগতা কাৰ্যসূচীত অংশ লৈ জিলাধিপতি পংকজ চক্ৰৱৰ্তীয়ে এই কথা ঘোষণা কৰে।

শব্দ প্ৰদূষণ নিয়ন্ত্ৰণ আৰু পথ সুৰক্ষা সুনিশ্চিত কৰাৰ লক্ষ্যৰে কোকৰাঝাৰ সদৰ থানাৰ সন্মুখত এই সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। অনুষ্ঠানত যান-বাহন চলাচলৰ শৃংখলা বজাই ৰখাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়।

দুৰ্ঘটনা ৰোধ আৰু জনসাধাৰণৰ জীৱন ৰক্ষাৰ স্বাৰ্থত যান-বাহনৰ সকলো নিয়ম নিষ্ঠাৰে পালন কৰিবলৈ জিলাধিপতিগৰাকীয়ে ৰাইজক আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ জিলা প্ৰশাসনে ধাৰাবাহিকভাৱে এনেধৰণৰ সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰি আহিছে।

পথ সুৰক্ষা নিশ্চিত কৰাটো আমাৰ এক যৌথ দায়িত্ব আৰু ইয়াৰ বাবে অধিক জনসজাগতাৰ প্ৰয়োজন আছে।

সজাগতা অভিযানৰ অংশ হিচাপে 'লৌৰগী থিয়েটাৰ গ্ৰুপ'ৰ দ্বাৰা এটি বাটৰ নাট প্ৰদৰ্শন কৰা হয়। এই নাটখনৰ জৰিয়তে পথচাৰী আৰু চালকসকলৰ মাজত পথ সুৰক্ষাৰ নীতি-নিয়ম মানি চলাৰ বাৰ্তা দিয়া হয়।

জিলা প্ৰশাসনে জনোৱা মতে, ২০২৭ চনৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ হ'বলগীয়া এই হৰ্ণমুক্ত পদক্ষেপে কোকৰাঝাৰৰ পথ সুৰক্ষা বৃদ্ধিৰ লগতে শব্দ প্ৰদূষণ ৰোধ কৰাত বিশেষ ভূমিকা পালন কৰিব। জিলাধিপতিগৰাকীয়ে এই পদক্ষেপ সফল কৰি তুলিবলৈ স্থানীয় ৰাইজৰ পূৰ্ণ সহযোগিতা কামনা কৰিছে।