শিলচৰ: এগৰাকী নাবালিকাক অপহৰণ কৰি ধৰ্ষণ কৰাৰ গোচৰত কাৰ্তিক দাস ওৰফে পঙ্কু নামৰ এজন যুৱকক ১০ বছৰৰ কাৰাদণ্ড বিহিছে কাছাৰৰ বিশেষ আদালতে। শুকুৰবাৰে বিশেষ ন্যায়াধীশ বিপ্ৰজিত ৰায়ৰ আদালতে এই ৰায় ঘোষণা কৰে। শাস্তি লাভ কৰা কাৰ্তিকৰ বয়স বৰ্তমান ২২ বছৰ আৰু তেওঁ বদৰপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মালুৱা জগন্নাথপুৰৰ বাসিন্দা।

ঘটনাৰ বিৱৰণী অনুসৰি, ২০২৩ চনৰ ১৪ অক্টোবৰত মহালয়াৰ দিনা পুৱতি নিশা কাটিগড়া থানা এলেকাৰ ১৬ বছৰীয়া নাবালিকাগৰাকী ঘৰৰ পৰা ওলাই যোৱাৰ পাছত সন্ধানহীন হৈ পৰে। সেই সময়ত অভিযুক্তৰ বয়স আছিল ১৯ বছৰ। পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰি অভিযুক্ত কাৰ্তিকে কিশোৰীগৰাকীক অপহৰণ কৰি নিয়াৰ কথা জানিব পাৰে আৰু কাটিগড়া থানাত এখন এজাহাৰ দাখিল কৰে।

এজাহাৰৰ ভিত্তিত তদন্ত চলাই আৰক্ষীয়ে ঘটনাৰ তিনিদিন পাছত কাৰ্তিকৰ ঘৰৰ পৰা নাবালিকাগৰাকীক উদ্ধাৰ কৰে। উদ্ধাৰৰ পাছত কিশোৰীগৰাকীয়ে অভিযোগ কৰে যে অপহৰণৰ পাছত তেওঁক প্ৰথমে অভিযুক্তৰ এজন আত্মীয়ৰ ঘৰত ৰখা হৈছিল। পাছত কাৰ্তিকৰ ঘৰৰ এটা কোঠাত আৱদ্ধ কৰি মোবাইল ফোন কাঢ়ি লৈ তেওঁক ধৰ্ষণ কৰা হয়।

আৰক্ষীৰ তদন্তৰ অন্তত আদালতত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত পকচো (POCSO) আইনৰ ৪ নম্বৰ ধাৰাৰ অধীনত আদালতখনে কাৰ্তিক দাসক ১০ বছৰৰ কাৰাদণ্ড আৰু ২ হাজাৰ টকাৰ জৰিমনা বিহে। জৰিমনা অনাদায় হ'লে অতিৰিক্ত এক মাহ কাৰাবাস খাটিব লাগিব বুলি নিৰ্দেশ দিয়ে।

ইয়াৰ উপৰি ভাৰতীয় দণ্ডবিধিৰ ৩৬৬ ধাৰাত দোষীক ৩ বছৰৰ কাৰাদণ্ড আৰু ১ হাজাৰ টকাৰ জৰিমনা বিহা হৈছে। দুয়োটা শাস্তি একেলগে কাৰ্যকৰী হ'ব বুলি আদালতে স্পষ্ট কৰি দিয়ে। আদালতৰ এই নিৰ্দেশৰ পাছতেই কাৰ্তিক দাসক শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।