ধুবুৰী, ২৮ নৱেম্বৰ: যোগীঘোপাৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নৰনাৰায়ণ সেতুৰ সমীপত আজি পুৱতি নিশা সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত ধুবুৰী জিলাৰ বিলাসীপাৰাৰ এজন লোক থিতাতে নিহত হয়। ঘটনাটোত আন তিনিজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।

নিহত লোকজন বিলাসীপাৰাৰ মহেজ আলী বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাত পতিত মাৰুতি এল্ট’ বাহনখনৰ যাত্ৰী আছিল মহেজ আলী আৰু ঘটনাস্থলীতে তেওঁৰ মৃত্যু ঘটে। আঘাতপ্ৰাপ্ত আন তিনিজন লোক ক্ৰমে জামাল বাদশ্বাহ, গাজিবৰ ৰহমান আৰু আব্দুছ ছালাম বুলি জানিব পৰা গৈছে। নিহত আৰু আহত আটাইকেইজন লোকেই বিলাসীপাৰাৰ বাসিন্দা।

ঘটনাৰ বিৱৰণি অনুসৰি, বঙাইগাঁৱৰ দিশৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা এএছ-০১ এমচি-৩০২১ নম্বৰৰ এখন ডাম্পাৰ আৰু গোৱালপাৰাৰ ফালৰ পৰা বিলাসীপাৰা অভিমুখে আহি থকা এএছ-০১ জিইউ-২৪৭১ নম্বৰৰ এল্ট’ বাহনখনৰ মাজত এই মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষৰ প্ৰচণ্ড খুন্দাত এল্ট’ গাড়ীখনৰ যাত্ৰী মহেজ আলীয়ে প্ৰাণ হেৰুৱায়।

স্থানীয় ৰাইজ আৰু আৰক্ষীৰ তৎপৰতাত আহতসকলক উদ্ধাৰ কৰি প্ৰথমে চলন্তাপাৰা সামূহিক স্বাস্থ্যকেন্দ্ৰলৈ নিয়া হয়। অৱশ্যে তেওঁলোকৰ অৱস্থা সংকটজনক হোৱাৰ বাবে পাছত উন্নত চিকিৎসাৰ অৰ্থে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

পুৱতি নিশা সংঘটিত এই দুৰ্ঘটনাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথটোত কিছু সময়ৰ বাবে তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। যোগীঘোপা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে যান-বাহন চলাচল পুনৰ স্বাভাৱিক কৰি তোলে। আৰক্ষীয়ে দুৰ্ঘটনাত পতিত বাহন দুখন জব্দ কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।