গুৱাহাটীত ১৭ সংখ্যক অসমী সৰস মেলাৰ শুভাৰম্ভ, অংশগ্ৰহণ ৩১৫টা বাণিজ্যিক প্ৰতিষ্ঠানৰ
গুৱাহাটী: গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে ১৭ সংখ্যক অসমী সৰস মেলা। ২৭ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ১৫ দিনীয়া এই মেলাখন অহা ১১ ডিচেম্বৰলৈকে চলিব।
দেশৰ বিভিন্ন প্ৰান্তৰ পৰম্পৰাগত শিল্প, হস্তশিল্প আৰু থলুৱা সামগ্ৰীক এখন মঞ্চত তুলি ধৰাৰ উদ্দেশ্যে এই মেলাৰ আয়োজন কৰা হৈছে। এইবাৰৰ মেলাত মুঠ ৩১৫টা বাণিজ্যিক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে।
ভাৰতৰ ২৭খন ভিন্ন ৰাজ্যৰ পৰা ব্যৱসায়ী, শিল্পী আৰু প্ৰদৰ্শকসকলে নিজৰ নিজৰ পৰম্পৰাগত সামগ্ৰী লৈ মেলাত অংশগ্ৰহণ কৰিছে। মেলালৈ অহা দৰ্শনাৰ্থীসকলে দেশৰ বিভিন্ন অঞ্চলৰ হস্তশিল্প, কুটীৰ শিল্পৰ সামগ্ৰী আৰু অন্যান্য পৰম্পৰাগত সামগ্ৰীসমূহ প্ৰত্যক্ষ কৰাৰ লগতে ক্ৰয় কৰাৰো সুযোগ লাভ কৰিব।
এই মেলাই ক্ষুদ্ৰ ব্যৱসায়ী, পৰম্পৰাগত শিল্পী আৰু আত্মসহায়ক গোটসমূহক নিজৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰিব।
থলুৱা উদ্যোগ, পৰম্পৰাগত শিল্প আৰু ব্যৱসায়িক সম্ভাৱনাক আগুৱাই নিয়াৰ ক্ষেত্ৰত অসমী সৰস মেলাই বিশেষ ভূমিকা পালন কৰি আহিছে।